হৃদয়ত থকা নীল গভীৰতা,
দুচকুত থকা নিবিৰ মমতা,
তাকেই বিচাৰে নেকি জীৱনে?
সমুখতে দেখো আজি
পুৰণি বাগৰি পৰে,
নতুনে মাথো ৰিঙিয়ায়|
জীৱনৰ বাটটিত এৰি অহা খোজবোৰ,
নিতে মচে কোন ধুমুহাই|
সোঁৱৰণি কুঁৱলীয়ে
চিঞৰি চিঞৰি কয়,
অতীতৰ সীমাৰেখা নাই|
মিছায়ে উভতি চাই,
পাহৰা গীতকে গাই,
দেহা মোৰ ভাগৰিহে যায়|
কিবা যেন বিচাৰি, হেৰুৱালো পৰিচয়,
পৰিচিতো আতৰিহে যায়|
আজিৰ সোতত বহি
কালিৰ সপোন দেখি,
আশা মোৰ নিচে বাঢ়ি যায়,
নতুনে মাথো ৰিঙিয়ায়||
তোমাৰ কথা যেতিয়া ভাবো
দুচকু পানীৰে ভৰে,
বিৰিনা বনৰ পাতৰ আগে,
এটুপি নিয়ৰ সৰে|
তুমি যেন দূৰ দূৰণিতে শুনা
ৰিনিকি ৰিনিকি বাহী,
নিজম ৰাতিৰ সোতে সোতে
যেন কাষলে আহে ভাহি|
হেৰোৱা ফুলৰ সুবাসেৰে
পদূলি উপচি পৰে,
তোমাৰ কথা মনত পৰিলেই,
বুকুখন উৰুঙা উৰুঙা লাগে|
শুকান পাত উৰুৱাই যেন
এচাটি পছোৱা বলে ,
বৰ অসহায় অসহায় লাগে||
এৰি অহা পথ,
আন্ধাৰে দেখোন আৱৰি আছে|
আশা ভৰা ৰথ,
বিপদে দেখোন আগচি ৰাখে|
মই যি বাটেৰে ওলালো আজি,
মই ন সাহসেৰে সাহসী আজি,
মই নাহোঁ উলতি|
মই ন পথেৰে জ্যোতিৰে পক্ষী ফুৰো বিচাৰি|
তথাপিও কিয় বাৰে বাৰে
ভাগৰে আহি আমনি কৰে|
কিহৰ যাদুত? কি পৰশত?
জ্যোতি পক্ষীবোৰে আগলৈ দেখো
বাউলি মাতে|
মই ন অশাৰে ফুলনি সাজি,
ফুৰো উমলি|
জীৱনে বিচাৰে কি?
হৃদয়ে জানে নেকি?
দুপৰৰ আকাশত জ্বলে জুই,
নৈ বুকুতো হাজাৰ হাজাৰ কথা আছে শুই|
নদীয়ে জানে জানো সাগৰৰ গতি?
মানুহৰ মুখে মুখে,
ইতিহাসৰ পাতে পাতে,
নিগৰি নিজৰি আহিছো আমি,
আমি কোন?
আমাৰ পৰিচয় কি?
কেতিয়াবা সুধি চাবাচোন নিজকে
তুমি কোন?

Note: Every word, every feeling that we write and feel are once felt by someone and wrote it down. We are just copying their words knowingly and unknowingly, making and mingling them into ours and that is the beauty of it. The lines of this poem are thoughts of various renowned poets before our time that inspires me a lot. I have written it according to my sentiments and experiences. You can say its edited or copied and yes it is. That is why we read.