আপুনি কেতিয়াবা ঠেলা চলোৱা মানুহ কেইজনক লক্ষ্য কৰিছে নে ??
বেছিভাগে বয়সস্থ ৷ তথাপিও নিজৰ কৰ্ম নিষ্ঠাৰে কৰি গৈ আছে ৷
“ ঐ ঠেলাৱালা অমুকত যাবি নে ”
যদি পইচাটো কম হ’ব নাযাওঁ বুলি কৈছে তেন্তে অবাইচ গালি গালাজ কৰে ৷ ঠেলাৱালা হৈ তহঁতৰ ইমান লেবেল অমুক তমুক ৷ ”
বৃদ্ধ অৱস্থাটো ঠেলা চলাই নিজৰ জীৱন নিজৰ কষ্টৰে উপাৰ্জন কৰি থকা পইচাত চলি আছে ৷ সেইদৰে নিজৰ পৰিয়ালৰ ভৰণপোষণো কৰিছে ৷ কাৰো আগত ভিক্ষাৰ জোলোঙা লৈ তেখেতসকলে ভিক্ষা খুজি থকা নাই ৷ ঠেলা চলাই জীৱন নিৰ্বাহ কৰা সকলক ইমান গালি গালাজ কিয় ?? কষ্ট অনুযায়ী নিজৰ সামৰ্থ্য অনুযায়ী তেওঁলোকে কাম কৰে ৷ তেওঁলোকে উচিত প্ৰাপ্য পোৱাটো উচিত ৷
মই এই ঠেলা চলোৱা মানুহবোৰক দেখি দেখি জীৱনত আগুৱাই যোৱাৰ পথ দেখা পাঁও ৷ বয়সে হাৰ মনাব নোখোজা এখেতসকল হ’ল একোজন জলন্ত কৰ্মজীৱী ৷ একোজন যোদ্ধা ৷ জীৱন যুদ্ধত আগুৱাই যোৱাৰ বাবে সাহসৰ প্ৰতীক এওলোক ৷ সমাজৰ বাবে একো একোটা আদৰ্শ ৷ এনেকুৱা বৃদ্ধ অৱস্থাত প্ৰখৰ ৰ’দত ঠেলাখন টানি নি নিজৰ জীৱন জীয়াই থকাটো সহজ নহয় ৷ এক আচৰিত সত্য এইয়া ৷ আমি কাৰেণ্টটো গ’লে গৰমত যেন পাগল হৈ যাওঁ ৷ কিন্তু প্ৰখৰ ৰ’দক নেওচি নিজৰ দায়িত্ব পালন কৰে এওলোকে ৷ অকল ঠেলাৱালা নহয় বহু এনেকুৱা জীৱিকা আছে য’ত প্ৰত্যেকে সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে ৷ ৰিক্সাৱালা , কৃষক , ৰোৱনী আৰু বহুতো ৷
ঠেলাৱালা বুলি গালি দিয়াবোৰক সুধিছো
“ নিজেই ঠেলা চলাই চাওক না এবাৰ এই প্ৰখৰ ৰ’দত ৷ অনুভৱটো তেতিয়া কৰিব ৷ বয়সস্থ হ’লেও নিজৰ কৰ্ম কৰি আমাক সহায় কৰি আছে ৷ আমি কাৰো পেছাক লৈ ভেঙুচালি কৰাটো সমীচীন নহয় বিনাকাৰণত ৷ মানৱতাবোৰ শিথিল নকৰিব
মানৱতা জীয়াই ৰাখি মানুহে মানুহৰ বাবে জীয়াব শিকিব লাগিব ৷ পিছে স্বাৰ্থত নহয় বিনাস্বাৰ্থত...