#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(১০)
উৎকণ্ঠাৰে আকৌ এটা ৰাতি পাৰ কৰাৰ পাছত পিছদিনা পুৱা সোনকালেই সাৰ পালে নবাৰুণ আৰু উদীপ্ত ই। পুৱা উঠি এপাক দৌৰিবলৈ ওলাই যোৱাতো উদীপ্তৰ পুৰণা অভ্যাস।বহুত দিনৰ পাছত উদীপ্তৰ লগতে নবাৰুণেও এপাক মৰ্ণিং ৱাক কৰি আহিল। দুয়োটা ফ্ৰেচ হৈ অহালৈ সাগৰিকাই ব্ৰেকফাষ্ট ৰেডি কৰিছিল। ব্ৰেকফাষ্ট কৰিয়েই চিধাই থানালৈ গাড়ী দৌৰালে নবাৰুণে। নাচৰিণক আগদিনা নাৰ্চিংহোমত দেখাৰ পৰাই সন্দেহৰ বীজ এটাই উকমুকনি দিছিল উদীপ্তৰ মনত।অৱশ্যে সেইয়া মাথো সন্দেহ আছিল, নাচৰিণ প্ৰকৃততে হত্যাকাৰী হয় নে নহয় সেইটো সিদ্ধান্তত উপনীত হব পৰাকৈ একো প্ৰমাণেই নাছিল নবাৰুণ আৰু উদীপ্তৰ হাতত। থানাত বহি বিদ্যুতৰ ইনভেষ্টিগেছন ৰিপৰ্টটো অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল দুয়োটাই।
উৎকণ্ঠাৰ ওৰ পেলাই প্ৰায় এঘাৰমান বজাত থানাত আহি উপস্থিত হ'ল চাব ইন্সপেক্টৰ বিদ্যুত। থানাত উপস্থিত হৈয়েই চিধাই নবাৰুণৰ ৰুমটোলৈকে সোমাই গ'ল বিদ্যুত।নবাৰুণ আৰু উদীপ্ত তেতিয়া কেছটোৰ আলোচনাতেই ব্যস্ত আছিল।
"ছাৰ এই ফাইলটোত মেহমুদা চাবিৰা নাচৰিণৰ এভৰিথিং ডিটেইলছ আছে।" নিয়মমাফিক চ্যেলুট কৰি হাতত লৈ যোৱা ফাইলটো উদীপ্তলৈ আগবঢ়াই দিলে বিদ্যুতে।
"তুমি কি ভাবা? এতিয়ালৈকে যিমানখিনি ইনফৰমেছন কালেক্ট কৰিলা তাৰ পৰা নাচৰিণ সম্পৰ্কে তোমাৰ ধাৰণা কি?" ফাইলটো খুলি লৈ সুধিলে উদীপ্ত ই।
"নাই ছাৰ কালিৰ পৰা মই যিমানখিনি ইনফৰমেছন কালেক্ট কৰিলো তাৰ পৰা ছোৱালীজনীক অলপো সন্দেহ কৰিব পৰা নাযায়।" বিদ্যুতে ক'লে।
"আচ্ছা, নাচৰিণৰ স্বভাৱ চৰিত্ৰ, ঘৰ-পৰিয়াল এইসমূহৰ বিষয়ে কি গম পালা?" নবাৰুণে সুধিলে।
"ছোৱালীজনীৰ ঘৰ ছাৰ কমলপুৰতে। ঘৰত মাক-দেউতাক, ককায়েক-নবৌয়েক আৰু ভতিজাক এটাৰ লগত থাকে।কমলপুৰ কলেজত ডিগ্ৰী কমপ্লিট কৰাৰ পাছতেই ছোৱালীজনীয়ে সাধনা মেডিকেলত ৰিচিপচনিষ্ট হিচাপে জ্ইন কৰে। বৰ্তমান তাইৰ ঘৰত বিয়াৰ আয়োজন চলি আছে।আৰু ছাৰ ছোৱালীজনীৰ ওচৰ চুবুৰীয়া বা নাৰ্চিংহোমৰ ষ্টাফৰ পৰা গম পোৱামতে নাচৰিণৰ স্বভাৱ চৰিত্ৰ খুবেই ভাল।" বিদ্যুতে উত্তৰ দিলে।
"লাষ্ট ওৱান মান্থত নাচৰিণৰ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত কিবা অস্বাভাৱিকতা কোনোবাই লক্ষ্য কৰিছিল নেকি?" উদীপ্ত ই ফাইলটো চাই থকাৰ পৰাই মাত লগালে।
"নাই ছাৰ, সকলোৱে কোৱামতেটো নাচৰিণে আগৰ দৰেই নিয়মিত নাৰ্চিংহোমলৈ অহা যোৱা কৰিছিল।"
"হত্যাকাণ্ডৰ দিনকেইটাত নাচৰিণ ঘৰতেই আছিল নে?" নবাৰুণে যোগ দিলে।
"হয় ছাৰ হত্যাকাণ্ডৰ কেইদিনো নাচৰিণে নাৰ্চিংহোমৰ পৰা ডাইৰেক্ট ঘৰলৈকে ঘূৰি গৈছিল। ছাৰ মই এটা কথা ভাবিছো,ক্ওনে?" বিদ্যুতে কিবা এটা কবলৈ লৈয়ো যেন সংকোচ কৰিলে।
"কোৱাচোন বাৰু?" নবাৰুণে উৎসুকতাৰে সুধিলে।
"মানে ছাৰ মোৰ এনে লাগিছে মাৰ্ডাৰ কেইটা কোনোবা পুৰুষৰহে কাম হব নেকি? মানে ধৰক সবিতা বৰপূজাৰীৰ দৰে ইমান হৃষ্ট-পুষ্ট মানুহ এজনীক নাচৰিণৰ দৰে ছোৱালী এজনীয়ে যে ইমান সহজে তেনেকৈ হত্যা কৰিব পাৰিব মোৰ মনে নকয় ছাৰ।" বিদ্যুতে নিসংকোচেৰে কথাষাৰ ক'লে।
"য়েছ.....তুমি ঠিকেই ভাবিছা। এইটো কোনোবা মতা মানুহৰেই কাম হ'ব।আচ্ছা নাচৰিণৰ ফেমেলিত এনেকুৱা কোনোবা আছিল নেকি যি সন্তান জন্ম দিবলৈ অক্ষম?" কিবা এটা চিন্তা কৰি সুধিলে উদীপ্ত ই।
"মই জনাত তেনেকুৱা কোনো মানুহ নাচৰিণৰ ফেমেলিত নাই ছাৰ।"বিদ্যুতে উত্তৰ দিলে।
"ঠিক আছে তুমি এতিয়া যোৱা। কালি ৰাতিৰ পৰা তুমি বহুত কষ্ট কৰিলা, অলপ ৰেচ লৈ লোৱা যোৱা।" নবাৰুণে বিদ্যুতক উদ্দেশ্যি ক'লে।
"নালাগে নেকি ছাৰ। মোৰ ইমান কষ্ট নহলেই কালি। আৰু কিবা কাম আছে যদি ক্ওক।" বিদ্যুতে হাঁহি এটা মাৰি ক'লে।
"নাই নাই তেনেকুৱা একো কাম নাই বাৰু এতিয়া। কৰবাত যাব লগা হ'লে তোমাক আমি ফোন কৰিম বাৰু। আৰু কিবা দৰকাৰ হ'লে শংকৰো আছেই নহয়। তুমি যোৱা অলপ ৰেষ্ট লৈ লোৱা।"
সহজভাৱেই কথাষাৰ ক'লে নবাৰুণে। হাঁহি এটা মাৰি বিদায় ল'লে বিদ্যুতে। হুমুনিয়াহ এটা ওলাই অহিল নবাৰুণৰ মুখেৰে।আকৌ চিন্তাত পৰিল উদীপ্ত আৰু নবাৰুণ। এই কেচটোত যেন হাৰি গৈছে দুয়োটা। প্ৰত্যেকবাৰেই যেন হত্যাকাৰীৰ ওচৰ চাপিও হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে সিহঁত। নিজৰ ওপৰতেই খং উঠিল উদীপ্তৰ। সিহঁতৰ চকুৰ সন্মুখতেই পৰিকল্পনামতেই এজনী এজনীকৈ তিনিজনী মহিলাক হত্যা কৰি গৈছে হত্যাকাৰীয়ে। অথচ সকলো দেখিও একো এটা কৰিব পৰা নাই সিহঁতে যোৱা এটা সপ্তাহে। ভাগৰি পৰিছে যেন সিহঁত দুয়োটা।যোৱা এটা সপ্তাহে খাৱন শোৱনবোৰো ভালকৈ নোহোৱা হৈছে দুয়োৰে।
"আমি বাৰু ভুলকৈ ভাবি আছো নেকি?হত্যাকাণ্ডৰ মটিভ বেলেগ কিবা নহয়টো?" কিছুসময় নিৰৱতাৰে পাৰ হোৱাৰ পাছত নবাৰুণে মাত লগালে।
"ইয়াৰ বাহিৰে ফেমেলি কেইটাৰ মাজত আৰু বেলেগ কিবা কানেকচন জানো আছে?"
"তেনেকুৱা বেলেগ একো চিমিলাৰিটি নাইচোন।" নবাৰুণে চিন্তাত উত্তৰ দিলে।
"তেন্তে আমাৰ মটিভ সম্পৰ্কে থকা ধাৰণা ভুল হবই নোৱাৰে। মাত্ৰ আমাৰ সন্দেহবোৰ ভুল হৈছে। কেছটোৰ আৰম্ভনিৰ পৰা ভালকৈ চিন্তা কৰচোন। আই থিংক কিবা এটা আমি পাম।" উদীপ্তৰ কথাত নবাৰুণে মাথো মুৰ দুপিয়ালে।
"আমি নহ'লে অলপ বেলেগ ধৰণেৰেও ট্ৰাই এটা কৰি চাব পাৰো।" নবাৰুণৰ উত্তৰলৈ অপেক্ষা নকৰি উদীপ্ত ই আকৌ মাত লগালে।
"মানে?"
"মোৰ আন্দাজ হত্যাকাৰী এতিয়া নিশ্চয় ব্যস্ত আছে তাৰ নেক্সট টাৰ্গেটৰ সন্ধানত। আমি যদি কিলাৰৰ সলনি তাৰ নেক্সট টাৰ্গেট কোন হ'ব সেইটো বিছাৰো তেন্তে আই থিংক আমি কিবা এটা পাম।" উৎসাহেৰে ক'লে উদীপ্ত ই।
"কিন্তু, নেক্সট টাৰ্গেট বা কোন সেইটো কেনেকৈ জানিবি?" নবাৰুণ চিন্তাত পৰিল।
"তাকেই ভাবোচোন ৰ।" উদীপ্তও চিন্তাত পৰিল।
"ছাৰ মে আই কাম ইন।" উদীপ্ত আৰু নবাৰুণৰ চিন্তাত যতি পেলাই শংকৰ ৰুমটোলৈ সোমাই আহিল।
"ছাৰ গুড নিউজ এটা আছে।"
"য়েচ য়েচ কোৱাচোন?" বেমাৰে পোৱা ব্ৰয়লাৰটোৰ নিচিনাকৈ চকীখনত কোচমোচ খাই বহি আছিল উদীপ্ত।শংকৰৰ কথাষাৰত একেজাপেই উঠি বহিল উদীপ্ত। নবাৰুণো ওচৰ চাপি আহিল।
"ছাৰ আমাৰ পুৰণা কেচ হিষ্ট্ৰীত কমলপুৰৰ কোনোবা ইম্পটেন্ট মানুহৰ কেচ আছে নেকি তাকেই মই কালিৰ পৰা চেক কৰি আছিলো। এটা কেছ পালো, কিন্তু মানুহজন কমলপুৰৰ নহয়।" শংকৰে ক'লে।
"উমম উমম কোৱাচোন" নবাৰুণ আৰু উদীপ্তৰ মুখখন উজ্জ্বল হৈ আহিল।
"ছাৰ কেচটো ছয়বছৰ পুৰণি।মানুহজনৰ নাম আছিল বশিষ্ঠ ডেকা,ৱাইফৰ নাম প্ৰণালী ডেকা। অৰিজিনেল ঘৰ আছিল ভূৰবন্ধাত।মানুহজনে ছয়বছৰ আগতে কমলপুৰৰ মেইন ডাকঘৰটোত চাকৰি কৰিছিল।ছাৰ এই কেচটোৰ হাজবেণ্ড কেইজনৰ নিচিনাকৈ বশিষ্ঠ ডেকাও ইম্পটেন্ট আছিল। ইয়াক লৈ তেওঁ আৰু তেওঁৰ ৱাইফৰ মাজত সঘনাই কাজিয়া হৈছিল।আৰু এদিন ৱাইফ প্ৰণালী ডেকাই তেওঁক এৰি গুচি গৈছিল নিজ মাকৰ ঘৰলৈ। ইয়াৰ পাছতেই বশিষ্ঠ ডেকা যে সন্তান জন্ম দিবলৈ অক্ষম সেই কথাটো তেওঁৰ ঘৰৰ-ওচৰে পাজৰে সকলোতে ৰাষ্ট্ৰ হৈ পৰিছিল। ছাৰ বশিষ্ঠ ডেকাই হয়তো চৰম লাজ পাইছিল মানুহৰ আগত আৰু হয়তো মানসিক ভাবে ভাগি পৰিছিল। যাৰ ফলত তেওঁ এদিন ভাড়াঘৰৰ কোঠাটোতে চিপজৰী লৈ আত্মহত্যা কৰে।" শংকৰে সংক্ষেপে সকলোখিনি বিৱৰি ক'লে।
"ইন্টাৰেষ্টিং। কিন্তু তেওঁৰ পত্নী বৰ্তমান ক'ত?" নবাৰুণে উৎসুকতাৰে সুধিলে।
"ছাৰ তাতেইতো আচল ৰহস্য আছে। বশিষ্ঠ ডেকাৰ মৃত্যুৰ ঠিক দুমাহমানৰ পিচতেই তেওঁৰ ৱাইফো হঠাৎ এদিন নোহোৱা হয়। আৰু তাৰ এসপ্তাহৰ পাছত প্ৰণালী ডেকাৰ মৃতদেহটো ভুৰবন্ধাৰ ওচৰৰ মাথাউৰি এটাত উদ্ধাৰ কৰা হয়। ইন্টাৰেষ্টিং কথাটো কি জানে ছাৰ, প্ৰণালী ডেকাক হত্যা কৰোতেও তেওঁৰ মূৰটো চাকুৰে কাটি সম্পূৰ্ণৰূপে বডিৰ পৰা চেপাৰেট কৰি দিয়া হৈছিল।"
"ইউ মিন এই তিনিটা হত্যাকাণ্ড হোৱাৰ দৰে?" উদীপ্তৰ চকুদুটা মেল খাই আহিল বহলকৈ।
"য়েচ ছাৰ।" শংকৰে মূৰ দুপিয়ালে।
"ষ্ট্ৰেঞ্জ!!! কিন্তু প্ৰণালী ডেকাৰ কেচটো কি হ'লগৈ। নে কেচটো আনচল্ভ হৈয়ে থাকি গ'ল?" নবাৰুণৰ উৎকণ্ঠাৰ সীমা নোহোৱা হৈছিল।
"পুলিচৰ ফালৰ পৰা ইনভেষ্টিগেছন চলোৱা হৈছিল। কেচটোত বশিষ্ঠ ডেকাৰ দেউতাক প্ৰাইম চাচপেক্ট আছিল। তেওঁক এৰেষ্টো কৰা হৈছিল।কিন্তু প্ৰমাণৰ অভাৱত কেচটো সিমানতে ক্লজ কৰি দিয়া হয় পুলিচৰ ফালৰ পৰা।" শংকৰে উত্তৰ দিলে।
"এই বশিষ্ঠ ডেকাৰ দেউতাকে এতিয়া ক'ত কি কৰি আছে?কিবা ইনফৰমেছন?" উদীপ্ত ই সুধিলে।
"নাই ছাৰ সেইয়া ভূৰবন্ধালৈ গ'লেহে গম পোৱা যাব।"
"ভূৰবন্ধা ইয়াৰ পৰা প্ৰায় আঢ়ৈ ঘন্টাৰ ৰাস্তা।এতিয়া গ'লে চাৰিটামান বজালৈ পাই যাম।" পিন্ধি থকা হাতঘড়ীটোলৈ চাই কিবা এটা চিন্তা কৰিলে নবাৰুণে।
"তেন্তে ব'ল। শংকৰ তুমিও ওলোৱা। বশিষ্ঠ ডেকাৰ দেউতাকক এপাক লগ কৰাতো এতিয়া আমাৰ কাৰণে বহুত বেছি ইম্পৰটেন্ট।" উদীপ্তহঁতে আৰু বেছি দেৰি নকৰিলে। উদীপ্ত আৰু নবাৰুণৰ নেতৃত্বত ছয়জনীয়া পুলিচ দল এটা ৰাওনা হ'ল ভূৰবন্ধা অভিমুখে।
◆◆◆◆◆◆◆◆◆◆◆◆
ভুৰবন্ধা তিনিআলিৰ ওচৰৰ পান দোকান এখনৰ সন্মুখতে গাড়ীখন ৰখালে শংকৰে। তিনিআলিটোৰ পৰা কোনফালে গ'লে বশিষ্ঠ ডেকাৰ ঘৰ ওলাব পৰা হব তাকে সুধিবলৈ গাড়ীখন চাইদ কৰিছিল শংকৰে। গাড়ীৰ পৰা নামিলৈ ঠাই দোখৰ এবাৰ ভালকৈ চকু ফুৰালে নবাৰুণ আৰু উদীপ্ত ই। ঠাই দোখৰত সম্পূৰ্ণ গাঁৱৰ পৰিবেশ বিৰাজমান। গাড়ী-মটৰৰ জঞ্জাল নথকা এক নিৰিবিলি পৰিৱেশে বিৰাজ কৰিছে ঠাইখিনিত। তিনিআলিটোত চাৰিখনমান দোকান। তাৰে দুখন সৰু গুমটিৰ দৰে তামোল-পাণ আদি পোৱা দোকান, এখন চেলুন আৰু আনখন গেলামালৰ দোকান। গেলামালৰ দোকানখন বেছ ডাঙৰেই, বোধহয় ঠাইদোখৰৰ সকলোৰে নিৰ্ভৰযোগ্য একমাত্ৰ গেলামালৰ দোকান সেইখন। চৰকাৰে ঢাক ঢোল পিতি প্ৰচাৰ কৰি থকা উন্নয়নৰ অলপমানো পৰশ যে ঠাইখিনিত নাইপৰা সেইয়া সহজে দেখিলেই অনুমান কৰিব পাৰি।
"এইখিনি ভূৰবন্ধা মৌজাতে পৰে নে বাৰু?" সৰু গুমটি খনৰ পৰা চিগাৰেট এটা কিনি জ্বলাই লৈ প্ৰশ্ন কৰিলে উদীপ্ত ই। দোকানীজন বয়সস্থ, প্ৰায় ষাঠি বছৰৰ ওচৰা ওচৰি।
"এইখিনিৰ পৰাই ভূৰবন্ধা আৰম্ভ হৈছে আৰু। আপোনালোক কোনফালে যাব?" তামোল গুছাই থকাৰ পৰা মূৰ নোতোলাকৈয়ে ক'লে দোকানীজনে।
"আমি পীড়াকটালৈ যাম। ইয়াৰ পৰা কিমানদূৰ?" নবাৰুণে সুধিলে।
"আপোনালোক......মানে এইখিনিৰ পৰা অলপ আগলে গৈ বাওঁফালে সোমালেই পীড়াকটা গাঁও। মোৰ ঘৰো পীড়াকটাতে, আপোনালোকে বা কাক বিছাৰি আহিলে?" মানুহজনে এইবাৰহে মূৰ তুলি চালে। সন্মুখত পুলিচ দেখি মানুহটোৱে ভূত দেখাৰ দৰে উচপ খাই উঠিল। মাতটো কোনোমতেহে উলিয়ালে তেওঁ।
"আমি বশিষ্ঠ ডেকাৰ ঘৰলৈ আহিছো এটা কেচৰ সংক্ৰান্তত। তেখেতৰ ঘৰলৈ কোনফালে যাব পাৰি আমাক ৰাস্তাটো দেখুৱাই দিয়ক। নহ'লে আপোনাৰ যদি দিগদাৰ নহয় আপুনিও আমাৰ লগতে ওলাওক। আমাক ঘৰটো দেখুৱাই দি আপুনি গুছি আহিব পাৰিব। ভয় খাব নালাগে।" উদীপ্ত ই ক'লে।
"কাৰ ঘৰৰ কথা ক'লে?" মানুহটোৱে উদীপ্তৰ কথাষাৰত এনেকুৱা ধৰণেৰে এটা চাৱনি দিলে যেন উদীপ্তই বৰ আচৰিত কথা এটাহে শুধিলে।
"কিয় বশিষ্ঠ ডেকাৰ ঘৰ। কিবা হ'ল নেকি?" নবাৰুণৰ চেলাউৰিযোৰ থুপ খাই আহিল।
"সেইখনঘৰৰ মানুহচোন মৰি কেতিয়াবাই ভূত হ'ল। যিবা এটা বাছি আছেগৈ সিয়ো ইয়ালৈ অহা একেবাৰেই এৰিলে। আপোনালোকে বা কাক বিছাৰি আহিছে সেইখন ঘৰত তাক হে নুবুজিলো।" মানুহজনে আশ্বৰ্য্যৰে কথখিনি ক'লে।
"মৰি ভূত হ'ল মানে?ভালকৈ কওকচোন।" সন্দেহবোৰ বাঢ়ি আহিল দুয়োৰে।
" গাওখনৰ ভিতৰতে ধনী আছিল বাপন বুঢ়াৰ ঘৰখন। ল'ৰাকেইটাও পঢ়া-শুনাত চোকা আছিল। ডাঙৰটো পুতেকে পঢ়া শেষ কৰাৰ পাছত চহৰৰ ডাঙৰ ডাকঘৰটোত চাকৰি পালে। বিয়া বাৰুও কৰালে সিখন গাঁৱৰে ছোৱালী এজনীক। সকলোখিনি ঠিকেই আছিল। বোৱাৰীয়েককো বুঢ়াই পুতেকৰ লগতে টাউনত থাকিবলৈ পঠাই দিছিল। সৰুটো পুতেক তেতিয়া কোনোবা বেলেগ চহৰ এখনত কিবা বিভাগ এটাত পঢ়ি থাকে। এদিন হঠাতে কি জানো হ'ল বাপন বুঢ়াৰ বোৱাৰীয়েকজনী গিৰিয়েকৰ লগত কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি আহিল। পিছত গম পালো ডাঙৰপোনাৰ বোলে বাপেকী হোৱাৰ শক্তিকণ নাছিল। তাৰ অলপ দিন পাছতে ডাঙৰ পোনা চহৰৰ ৰুমটোতে আপোনঘাটী হ'ল। বাপন বুঢ়াৰ ঘৈণীয়েকে চাগে পুতেক ঢুকুৱাতো সহিব পৰা নাছিল, অলপ দিন পাছতে তেৱো সিফলীয়া হ'ল।তাৰ অলপ দিন পাছতে কি হ'ল জানে?" মানুহটোৱে শেষৰ কথাখিনি একেবাৰে ফুচফুচাই কোৱা দি ক'লে।
"কি হ'ল কওকচোন?" নবাৰুণে নজনাৰ ভাও ধৰি সুধিলে।
"বুঢ়ী ঢুকুৱাৰ অলপ দিন পাছতে ভাগি যোৱা বোৱাৰীজনীক কোনোবাই ডিঙি কাটি সই সিপাৰৰ মেথাউৰিটোতে পেলাই থৈছিল। পুলিচে বাপন বুঢ়াক এবাৰ সন্দেহত ধৰিও নিছিল।পাছত আকৌ এৰি দিলে। তাৰ অলপ দিন পাছতে বুঢ়া ও ঢুকাল, সেই কেচটোৰো উমঘাম নোহোৱা হ'ল।" কথাখিনি মানুহজনে যিমান পাৰি সৰুকৈ কবলৈ চেষ্টা কৰিলে যেন বেলেগ কোনোবাই শুনিলে বৰ ডাঙৰ কথাহে হ'ব।
"ৰবচোন ৰব, বুঢ়াৰ সৰু পুতেক এজনো আছিল নহয়। এতিয়া ক'ত থাকে?" উদীপ্ত ই সন্দেহেৰে শুধিলে।
"সৰুপোনা পঢ়িবলৈ যোৱাৰ পৰা তেনেকৈ ঘৰলৈ ঘনাই নাহিছিল। বুঢ়া ঢুকুৱাৰ পাছত শৰাধৰ কামখিনি কৰিবলৈকে যি আহিল তাৰ পাছত মাটি বাৰী বিকি একেবাৰে ইয়াৰ পৰা গুছি গ'ল। এতিয়া ঘুনুক ঘানাক কৈ কোৱা শুনো সি কমলপুৰৰ ফালেকে কৰবাত থাকে।বিয়া বাৰুও কৰালে চাগে।" মানুহজনে উত্তৰ দিলে।
" ল'ৰাজনৰ নামটো কি জানিব নেকি? ল'ৰাটোৰ মুখখন মনত আছে নে বাৰু আপোনাৰ?" নবাৰুণে উৎসাহেৰে সুধিলে।
"এহ আমি সৰুপোনা বুলিয়েই কও, নামটো বা কি আছিল?" মানুহটোৱে মনত পেলাবলৈ চেষ্টা কৰিলে।
"ৰবচোন সৌ প্ৰভাতে জানিব নেকি? কেতিয়াবা মৌবিলদাল খুচৰি কিবাকিবি উলিওৱা দেখো।" কাষৰ দোকানখনত ৰৈ থকা ল'ৰা এজনলৈ আঙুলিয়াই দেখুৱালে মানুহটোৱে, লগতে ৰিঙিয়াই মাতিলেও। প্ৰভাত বোলা ল'ৰাজন ওচৰ চাপি আহিল। ল'ৰাজন প্ৰায় নবাৰুণহঁতৰ সমবয়সীয়াই, দেখাত শিক্ষিত যেনেই লাগিল।
" অই প্ৰভাত, বাপন বুঢ়াৰ সৰুটো পুতেকৰ নাম কি আছিল অ', এখেতসকলে সুধিছে।" মানুহজনে প্ৰভাতক ক'লে।
" পাঞ্চজন্য ডেকা। কিয়?" প্ৰভাতে ক'লে।
"কিয়টো আপুনি জানিব নালাগে। তেখেতক দেখিলে চিনি পাব নে নাপায় সেইটো কওক?" শংকৰে মাজতে মাত লগালে।
"বহুত দিনতেই দেখা বাৰু। মাজে মাজে এফ.বি ত দেখি থাকো বাৰু। তাৰ ফটোখন আপোনালোকে এফ.বি ত চালেই পাব।অৱশ্যে তাৰ নামটো এফ.বি ত নীলাভ নীহাৰ বুলিহে আছে।" প্ৰভাতে উত্তৰ দিলে বিনম্ৰতাৰে।প্ৰভাতৰ কথাষাৰ শেষ হোৱাৰ লগে লগেই ফেচবুকটো খুলি লৈ নামটো চাৰ্চ কৰিলে শংকৰে। একে নামৰ কেইবাটাও একাউন্ট ওলাল চাৰ্চ কৰাৰ লগে লগে।
"ইয়াৰে কোনটো একাউণ্ট তেখেতৰ?" শংকৰে প্ৰভাতলৈ মোবাইলটো আগবঢ়াই দিলে।
"এইটো।" এটা একাউন্টৰ প্ৰফাইলটো খুলি আঙুলিয়াই দিলে প্ৰভাতে।
"ছাৰ!!!" ফটোখন চাইয়ে শংকৰ উচপ খাই উঠা দি উঠিল।শংকৰে কোনোমতে ফোনটো আগবঢ়াই দিলে নবাৰুণলৈ।ফটোখন চাইয়েই নবাৰুণ আৰু উদীপ্তৰ মুখখনৰো বৰণ সলনি হৈ গ'ল।
"ছাৰ কিবা হৈছে নেকি?" নবাৰুণ আৰু উদীপ্তৰ মুখদুখনলৈ চাই আচৰিত হ'ল প্ৰভাত আৰু দোকানীজন।
"নাই নাই একো নাই। আপোনালোক কামত লাগক। আমি যি বিছাৰি আছিলো অল ৰেডি পায়েই গ'লো। আপোনালোক দুজনক বহুত বহুত ধন্যবাদ। আপোনালোকে নজনাকৈয়ে আমাক এটা ডাঙৰ সহায় কৰিলে।"
প্ৰভাত আৰু মানুহজনক ধন্যবাদ জনাই নবাৰুণ আৰু উদীপ্ত হঁত গাড়ীৰ ওচৰলৈ আহিল। সকলোৰে মনবোৰ তেতিয়াহে অলপ ফৰকাল হৈছিল।ইমান দিনে সকলোকে আঙুলিৰ ঠাৰত নচুৱাই থকা হত্যাকাৰীজন যে এইজন ওলাব কোনেও অৱশ্যে সপোনতো কল্পনা কৰিব পৰা নাছিল।
"ইমান দিনে মূৰ ঘমাই থকা কথাটো এনেকৈ চল্ভ হব বুলি মই ভবাই নাছিলো। এতিয়াহে কথাবোৰ ফৰকাল হৈ আহিছে। পাঞ্চজন্যক মানিছো কিন্তু, তিনিটা তিনিটা নাম লৈ আমাৰ চকুৰ আগতে ঘূৰি থাকিল অথচ আমি ধৰিব নোৱাৰিলো। তেওঁৰ লগত কথা পাতিলেটো মানসিক বিকাৰগ্ৰস্ত বুলি ধৰিবই পৰা নাযায়।" বিজয়ীৰ হাঁহি এটা মাৰিলে নবাৰুণে।
"ছাৰ ইয়াক এতিয়া তাতেই গৈ পাম। বলক ডাইৰেক্ট গৈ উঠাই আনি ভালকৈ লগাই দিও দুচাটমান। সব ওকালি দিব।"
শংকৰেও যোগ দিলে। সকলোৰে মুখবোৰত বিজয়ীৰ আনন্দ,কিন্তু উদীপ্ত যেন তেতিয়াও সন্তুষ্ট হব পৰা নাছিল। কিবা এটা চিন্তাই যেন উদীপ্তক খুলি খুলি খাইছিল।সকলোৰে হাঁহিৰ মাজতো উদীপ্ত নীৰৱে আছিল।
"চাও শংকৰ ডায়েৰীখন দিয়াচোন?" কিবা এটা চিন্তা কৰি উদীপ্ত ই ক'লে।শংকৰে ডায়েৰীখন আগবঢ়াই দিলে নবাৰুণক। ডায়েৰীখনৰ পাত এটা উলিয়াই লৈ কলমটোৰে কেচটোৰ লগত জড়িত কিছুমান কথা লিখি পেলালে উদীপ্ত ই। নবাৰুণে আচৰিত হৈ চাই থাকিল উদীপ্তক। বহুসময় ধৰি চিন্তা কৰাৰ পাছত ফুৰ্তিত চিঞঁৰি দিলে উদীপ্ত ই।
"য়েছ পাই গ'লো। ধেৎ ছাল্লা এইটো কথাকে ইমানদিনে....' নিজকে নিজেই কোৱাৰ দৰে ক'লে উদীপ্ত ই।
"কি পালি?" নবাৰুণে আচৰিত হৈ সুধিলে।
"আখৰকেইটাৰ ৰহস্যটো। এইফালে চা। ১৪ তাৰিখৰ দিনা হত্যা হৈছিল চয়নিকা ৰাভাৰ, স্বামীৰ নাম বিপুল ৰাভা, কাষত আছিল এম আখৰটো।তাৰ তিনিদিন পাছতেই অৰ্থাৎ ১৭ তাৰিখে হত্যা হ'ল সবিতাৰ, স্বামীৰ নাম ময়ুৰ বৰপূজাৰী। এতিয়া মন কৰিবি চয়নিকাৰ ডেডবডিৰ কাষত লিখা আখৰটো এম মানে ময়ূৰ বৰপূজাৰীৰ নামৰ প্ৰথম আখৰটো। ঠিক সেইদৰে সবিতাৰ ডেডবডিৰ কাষত লিখা আছিল S আখৰটো। তাৰ তিনিদিন পাছতেই হত্যা হ'ল ময়ুৰাক্ষীৰ যাৰ স্বামীৰ নাম আছিল সুদৰ্শন। অৰ্থাৎ সুদৰ্শনৰ নামৰ প্ৰথম আখৰটো লিখা আছিল সবিতাৰ ডেডবডিৰ কাষত।" পেন এটা লৈ আকি দেখুৱালে উদীপ্ত ই।
"আৰু ছাৰ ময়ুৰাক্ষীৰ ডেডবডিৰ কাষত লিখা আছিল N আখৰটো। মানে ছাৰ পাঞ্চজন্যৰ নেক্সট টাৰ্গেট যিজনী মহিলা তেওঁৰ হাজবেণ্ডৰ নাম N আখৰেৰে আৰম্ভ হোৱা।" শংকৰে উৎসাহেৰে ক'লে।
"য়েছ শংকৰ।কিলাৰে আখৰটোৰ জৰিয়তে নিজৰ নেক্সট টাৰ্গেটৰ হাজবেণ্ডৰ নাম কব বিছাৰিছিল। আমিহে ইমান দিনে উলিয়াব পৰা নাছিলো। কিন্তু কিলাৰে প্ৰত্যেক তিনিদিনৰ পাছত এটাকৈ মাৰ্ডাৰ কৰিছে। লাষ্ট মাৰ্ডাৰ হৈছে যোৱা ২০ তাৰিখে। আৰুআজি ২৩ তাৰিখ। আই এম ডেম চিউৰ নেক্সট হত্যাকাণ্ড আজিয়েই হব। শংকৰ জল্দি সাধনা মেডিকেললৈ ফোন কৰা। তেওঁলোকৰ ৰেজিষ্টাৰত লাষ্ট মেডিকেল টেষ্ট কৰা ইম্পটেন্ট পেচেন্ট কোন আছে যাৰ নাম এন আখৰটোৰে আৰম্ভ হয় ইমিডিয়েট কালেক্ট কৰা। বি কুইক শংকৰ, এতিয়া চাৰে পাচটা হ'ল।আমাৰ হাতত আৰু মাত্ৰ ডেৰঘন্টা সময় আছে।আৰু এটা হত্যাকাণ্ড হোৱাৰ আগতেই আমি সেই মানুহজনীক বছাব লাগিব।" উদীপ্তই যিমান পাৰি খৰকৈ কথাষাৰ ক'লে।
"নাই....." ইমান সময়ে নীৰৱে সকলো শুনি থকা নবাৰুণৰ চিঞৰটোত বেছ আচৰিত হ'ল সকলো।
"কি হ'ল ছাৰ?" সকলোৱে একেমুখে সুধিলে।
"প্ৰশ্ন নহয় উদীপ্ত, জল্দি জল্দি জল্দি বল ঘৰলৈ, ম..ম..মই নাই মই একো হবলৈ নিদিও মৌক।অই কি চাই আছ জল্দি ঘৰলৈ ব'ল না। মৌ ঘৰত অকলে আছে। মৌ......" পাগলৰ দৰে চটফটাই ফুৰিবলৈ ধৰিলে নবাৰুণে। অবাক বিষ্ময়ত সকলোৰে মুখবোৰ মেল খাই আহিল।
"আৰে তোৰ হৈছে কি? কিয় এনেকুৱা কৰিছ?"
"সেই এন আখৰেৰে আৰম্ভ হোৱা পেচেন্টটো আন কোনো নহয়। মই উদীপ্ত মই।সিদিনা মই তোক মিছা মাতিছিলো। অই প্লিজ মোক জল্দি ঘৰলৈ লৈ ব'ল না। মৌ ঘৰত অকলে আছে। মই তাইক বছাব লাগিব, একো হবলৈ নিদিও মই তাইক।" আশংকা আৰু উত্তেজনাত জ্ঞানশূন্য হৈ কান্দোনত ভাগি পৰিল নবাৰুণ। কথাবোৰ তেতিয়াহে পৰিস্কাৰ হৈছিল।কিহবাই যেন ধমহকৈ মাৰিলে উদীপ্তৰ বুকুখন।
"ৰচোন তই ইমান অধৈৰ্য্য নহ'বি। আমিবোৰ কি এনেই আছো নেকি? আমি জল্দি......"
উদীপ্ত ই কথাষাৰ শেষ কৰিবলৈ নাপালেই শংকৰৰ পৰা গাড়ীৰ ছাবিটো কাঢ়ি লোৱাদি লৈ একেজাপেই ড্ৰাইভিং চিটত বহিল নবাৰুণ। খৰখেদাকৈ উদীপ্ত,শংকৰকে ধৰি আনসকলো গাড়ীত বহিল। ইতিমধ্যে সন্ধ্যা হবৰেই হৈছিল।কমলপুৰলৈ তেতিয়াও দুঘন্টাৰ বাট, পাগলৰ দৰে গাড়ীৰ এক্সিলাৰেটৰত গচকি দিলে নবাৰুণে। প্ৰচণ্ড জোৰেৰে আগবাঢ়িল নবাৰুণৰ এক্স.ইউ. ভি খন।গাড়ী চলাই থাকিল যদিও চয়নিকা, সবিতাৰ আৰু ময়ুৰাক্ষীৰ কটা মূৰ কেইটাহে চকুৰ আগত ভাহি আহিল নবাৰুণৰ। এনে লাগিল যেন সেই মূৰ কেইটা তাৰ কাষত চক্ৰাকাৰে বিভৎস হাঁহি এটা মাৰি ঘূৰিব লাগিছে আৰু ডাঙৰ ডাঙৰকৈ তাক উদ্দেশ্যি ক'ব ধৰিছে--"নবাৰুণ এইবাৰ তোৰ পাল।" নাই সি তাৰ মৰমৰ পত্নীক বচাবই লাগিব সেই জঘন্য হৃদয়হীন হত্যাকাৰীটোৰ পৰা। সময় তেতিয়া ছয় বাজো বাজোৱেই হৈছিল। হাতত ধাৰাল খুকুৰী খন লৈ সেইসময়তেই নেক্সট টাৰ্গেট সাগৰিকাৰ ওচৰলৈ খোজ পেলালে পাঞ্চজন্য ডেকা ওৰফে নীলাভ নীহাৰ ওৰফে .................য়ে।
(অহা খণ্ডত সমাপ্ত কৰিম। আপোনালোকেও অনুমান কৰকচোন কোন হয় কিলাৰ)