#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৮)
কেইবাবাৰো ৰিং হোৱাৰ পাছতো ফোন টো ৰিচিভ নকৰিলে নবাৰুণে।বিশেষ নাভাবি পাৰ্কৰ পৰা পোনচাটেই থানালৈকে গ'ল উদীপ্ত। ৰুমটোত সোমাইয়ে চাহ একাপ খাবলৈ বিৰাট মন গ'ল তাৰ। কনিষ্টবল এজনক মাতি চাহ একাপ আনিবলৈ দি চয়নিকা, সবিতা আৰু ময়ুৰাক্ষীৰ পোষ্টমৰ্টেম ৰিপৰ্ট কেইটা কেইবাবাৰো লুটিয়ালে উদীপ্ত ই। কিছুসময়ৰ পাছতেই উদীপ্তৰ ৰুমটোলৈ শংকৰ সোমাই আহিল।
"ছাৰ এই ফাইলটোতে বিপুল ৰাভা, ময়ুৰ বৰপূজাৰী আৰু সুদৰ্শন ৰাজখোৱাৰ লাষ্ট এমাহৰ সকলোখিনি ডিটেইলছত আছে। তেওঁলোক ক'ত ক'ত গৈছিল, কিয় গৈছিল, লাষ্ট ৱান মান্থত কাৰ লগত ফোনত কথা পাতিছিল সকলোখিনি আছে।" উদীপ্তক চ্যেলুট কৰিয়েই হাতত লৈ অনা ফাইলটো আগবঢ়াই দিলে শংকৰে।
"আচ্ছা অথনি তুমি কোৱা মতে এওলোক তিনিওজনেই সন্তান জন্ম দিবলৈ অক্ষম আছিল। এই কথাটোক লৈ তেওঁলোকৰ পত্নীৰ লগত হত্যাৰ আগে পিছে কিবা ঘৰুৱা কাজিয়াৰ সুত্ৰপাত হৈছিল নেকি?" ফাইলটোত চকু ফুৰাই থকাৰ পৰাই সুধিলে উদীপ্ত ই।
" নাই নাই তেওঁলোকৰ এজনেও এই কথা তেওঁলোকৰ পত্নী বা আন কাকোৱেই জানিব দিয়া নাছিল। মাত্ৰ বিপুল ৰাভাই কথাটো তেওঁৰ ৱাইফৰ ককায়েকক জনাইছিল।" শংকৰে উত্তৰ দিলে।
"কি ভাবা তেওঁলোকৰ হত্যাৰ লগত তেওঁলোকৰ স্বামীৰ এই কথাটোৰ সম্পৰ্ক আছে নে?"
"মইটো চিউৰ চাৰ। ভালকৈ খুচৰিলে কিবা এটা ওলাব সেইয়া খাটাং।" শংকৰে উৎসাহেৰে ক'লে। আলোচনাৰ মাজতে গহীন খোজেৰে নবাৰুণ সোমাই আহিল কোঠাটোলৈ।
"আহিলি? হো ল এইটো পঢ়ি চা।" উদীপ্ত ই ফাইলটো আগবঢ়াই দিলে নবাৰুণলৈ।
"কি আছে ইয়াত?" ফাইলটো নোখোলাকৈয়ে সুধিলে নবাৰুণে।
"ইম্পৰটেন্ট কথা এটা আছে। বোধহয় হত্যাকাৰীৰ কাষ চাপিবলৈ এইটোৱেই আমাৰ কাৰণে একমাত্ৰ উপায়।" উদীপ্ত ই হাঁহি এটা মাৰি ক'লে।
"মানে?"
"মানে ছাৰ বিদ্যুত আৰু মই কালিৰ পৰা এই মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনৰ মাজত কিবা সম্পৰ্ক আছে নেকি তাৰ অনুসন্ধান চলাইছিলো। আজি আমি গম পালো তেওঁলোকৰ হাজবেণ্ড আটাইকেইজনেই ইম্পটেন্ট আছিল।" শংকৰে উত্তৰ দিলে।
"কি আচৰিত!!" নবাৰুণৰ মুখখন মেল খাই গ'ল।
"তাতোকৈ আচৰিত সেই কথাটো তেওঁলোকে আন কাকো জানিবলৈ দিয়া নাছিল।" উদীপ্ত ই ক'লে।
"বেলেগ যদি নাজানেই তেন্তে সেইটো মাৰ্ডাৰৰ কাৰণ হব পাৰে জানো?" চিন্তাত পৰিল নবাৰুণ।
"তাকেইটো ভাবিছো মইয়ো। এক মিনিট এক মিনিট।" হঠাৎ কিবা এটা মনত পৰাৰ দৰে চিঞৰি উঠিল উদীপ্ত ই।
"কি হ'ল?" শংকৰ আৰু নবাৰুণৰ উৎসুকতা বাঢ়ি গ'ল।
"তেওঁলোকে সেই কথাটো সকলোৰে পৰা গোপন কৰিছিল যদিও এজন ব্যক্তিয়ে কিন্তু জানিছিল?"বিজয়ীৰ হাঁহি এটা ওলাই আহিল উদীপ্তৰ মুখেৰে।
"কোনে জানিছিল ছাৰ।" শংকৰ আৰু নবাৰুণ দুয়োটা উদীপ্তৰ অলপ ওচৰ চাপি আহিল।
"কিয় তেওঁলোকে যিজন ডাক্তৰৰ ওচৰত চেক আপ কৰাইছিল তেওঁতো জানিছিল। শংকৰ এই তিনিওজনে তেওঁলোকৰ মেডিকেল চেক আপ ক'ত কৰিছিল ফাইলটোত আছে নে?"
"আছে ছাৰ। ৰব মই চেক কৰি দিছো।" কথাষাৰ কৈয়েই ফাইলটোত চকু ফুৰালে শংকৰে। কৌতুহল ক্ৰমাৎ বাঢ়ি আহিল তিনিওৰে। ফাইলটোত চকু ফুৰাই থাকোতেই চেলাউৰি কেইডাল থুপ খাই গ'ল শংকৰৰ।
"কি হ'ল শংকৰ?" নবাৰুণে সুধিলে।
"ছাৰ তিনিওজনে একেখন নাৰ্চিংহোমতেই মেডিকেল টেষ্টখিনি কৰাইছিল। নাৰ্চিংহোমখনৰ নাম সাধনা নাৰ্চিংহোম, ডাক্তৰজনৰ নাম অমৰজ্যোতি চৌধুৰী।" একে উশাহতে কথাকেইটা ক'লে শংকৰে।
"অমৰজ্যোতি চৌধুৰী মানে......." শংকৰৰ কথাষাৰত নবাৰুণ যিমানেই আচৰিত হ'ল সিমানেই মনটোও অস্থিৰ হৈ পৰিল।
"প্ৰাঞ্জনাৰ দেউতাক।" উদীপ্তৰো মাতটো সৰুকৈ হে ওলাল।
"কিন্তু তেওঁকতো মই ভালদৰে জানো। তেওঁ এইবোৰ কাম কৰিব, নাই হবই নোৱাৰে ইটছ ইম্পছিবল।" নবাৰুণে দৃঢ়তাৰে ক'লে।
"ওহো কিবা নহয় কিবা এটাতো কেছ আছে।ডাক্তৰ চাহাবক এবাৰ লগ কৰিব ই লাগিব। চব পোহৰলৈ আহিব। শংকৰ গাড়ী ৰেডি কৰা।" উদীপ্তৰ নিৰ্দেশত বাহিৰলৈ ওলাই গ'ল শংকৰ।
"কিন্তু তোৰ লগততো..........বাদ দে ত্ই নালাগে যাব। শংকৰ আৰু মই যাম চৌধুৰীৰ তালৈ।" নবাৰুণে মানা কৰিলে উদীপ্তক।
"কি??? মোৰ লগত প্ৰাঞ্জনাৰ বিয়া? বাদ দে সেইবোৰ, তাই অলৰেডি বেলেগক কথা দি থৈছে। তাত ত্ই মই মূৰ ঘমাই এতিয়া লাভ নাই। আৰু ফাৰ্ষ্ট অৱ অল মই এজন পুলিচ। চ' মোক এজন পুলিচ হিচাপে কাম কৰিব দে।কোনোবাই ভাল পাব বা বেয়া পাব আই ডন্ট কেয়াৰ।" উদীপ্ত ই যথেষ্ট উষ্মাতে ক'লে কথাষাৰ। নবাৰুণে কি উত্তৰ দিব ভাবিয়েই নাপালে।
"আজি প্ৰাঞ্জনাই পাৰ্কত মোক লগ কৰি কি ক'লে জান? মই বোলে এই বিয়াখন কেনচেল কৰি দিব লাগে কাৰণ তাই আন এজনক ভাল পায়। অৱশ্যে মই তাইক বেয়া পোৱা নাই, কথাখিনি খোলাখোলিকৈ কৈ দিছে ভালেই কৰিছে। আচলতে মোৰহে ভুল, একো এটা ভালদৰে নজনাকৈয়ে কিয় জানো বহুত ভাবি পেলাইছিলো।" উদীপ্তৰ মাততো শেষলৈ থোকাথোকি হৈ আহিল।
"ত্ই সেইবোৰ ভাবিবলৈ এৰ এতিয়া। ভালেই হে হ'ল বিয়াৰ আগত সকলো গম পালি। আৰু পৃথিৱীত অকল কি তাইয়েই হে আছে নেকি বিয়া পাতিব পৰা ছোৱালী। কিন্তু ত্ই এতিয়া যাব নালাগে দে, এনেই তোৰ মন ভাল নহয়।প্ৰাঞ্জনাইয়ো আকৌ বেলেগ ভাবিব পাৰে।" নবাৰুণে সান্তনাৰ সুৰত ক'লে।
"নাই ক'তনো মন বেয়া কৰিছো। আৰু তাই কিয় বেলেগ ভাবি লব। তদন্তৰ খাতিৰত কাৰোবাক কিবা সোধাতো তোৰ মোৰ দায়িত্ব। তাত ভালপোৱা বেয়াপোৱাৰ কথাই নাহে।"
"ঠিক আছে মইও যাও ব'ল তোৰ লগত।" উদীপ্ত আৰু নবাৰুণ দুয়োটা বাহিৰলৈ ওলাই আহিল। শংকৰে ইতিমধ্যে গাড়ী ৰেডি কৰিছিল।
"মোৰ কিন্তু এতিয়াও মনে নকয় ডাঃ চৌধুৰীয়ে এই কাম কৰিব পাৰে বুলি। " নবাৰুণে ক'লে।
"আগত তেওঁক এবাৰ লগ কৰি লওচোন বাৰু। বাহিৰৰ মুখখন চাইয়েইনো কেনেকৈ কবি কোন কেনেকুৱা।" কৈয়েই গাড়ীত বহিল উদীপ্ত।
"শংকৰ তুমি যাব নালাগে। তুমি এটা কাম কৰা।" হঠাৎ কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল নবাৰুণে।
"ক্ওকচোন চাৰ।" গাড়ীৰ ড্ৰাইভিং চিটৰ পৰা নামি আহিল শংকৰ।
"তুমি এটা কাম কৰা।আমাৰ পুৰণা কেচ হিষ্ট্ৰীখনত কমলপুৰ বা ইয়াৰ আশে পাশে কোনোবা ইম্পটেন্ট ব্যক্তি আৰু তেওঁৰ পত্নীৰ লগত জড়িত কিবা পুৰণা কেচ আছে যদি চেক কৰা। আই থিংক কিবা এটাটো গৰবৰ হৈছে।" শংকৰক নিৰ্দেশটো দি ড্ৰাইভিং চিটত বহিল নবাৰুণ।
"ৰচোন ৰ ত্ইটো আজি প্ৰাঞ্জনাৰ দেউতাকৰ তালৈকে গৈছিলি ৰিপৰ্ট আনিবলৈ।" চিগাৰেট এটাত দীঘলীয়া টান এটা দি ধোঁৱাখিনি বাহিৰলৈ উলিয়াই দিলে উদীপ্ত ই।
"উমম গৈছিলোঁ।" গাড়ী চলাই থকাৰ পৰাই ক'লে উদীপ্ত ই।
"কি আহিল ৰিপৰ্টত?"
"ঠিকেই আছে। নৰ্মেল ৰিপৰ্টেই আহিছে।" নবাৰুণে লাহেকৈ ক'লে।
"ৱাহ খুড়া হ'ম তেন্তে এইবাৰ।আমিবোৰ হে আৰু বৰলা হৈয়েই ৰ'ম যেন পাইছো।" দুপৰীয়াৰ কথাটোত মনটো তেতিয়াও গধুৰ হৈয়েই আছিল উদীপ্তৰ। ডাঙৰকৈ হাঁহি এটা মাৰি মনটো পাতল কৰিবলৈ চেষ্টা কৰিলে সি।
" ফটুৱাটো এইটো।" পাতল হাঁহি এটা মাৰি নবাৰুণেও যোগ দিলে।বেলিটোৱে তেতিয়া পশ্চিমৰ দিশত গতি কৰিছিল।
(আগলৈ)