#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৬)
আধাঘন্টাৰ ৰাস্তাটো অতিক্ৰম কৰিবলৈ পোন্ধৰ মিনিটো নালাগিল নবাৰুণৰ। দুঃচিন্তাই ওৰে বাটটো তাক খুলি খুলি খাইছিল। সাগৰিকাৰ চিন্তাত ফুল স্পীডত গাড়ী দৌৰাইছিল নবাৰুণে। ৰাস্তাত আহি থাকোতে বাইক আৰোহী এজনক কোনোমতেহে নুখুন্দিয়াকৈ পাৰ হৈ আহিল নবাৰুণ। ঘৰ পাইয়েই সাগৰিকাক সন্মুখৰ বাৰাণ্ডাতে দেখিহে উশাহতো ঘূৰি আহিল তাৰ। সাগৰিকাৰ মুখখনলৈ লক্ষ্য কৰিয়েই তাই যে ভীষণ চিন্তাত আছে সেইয়া উপলব্ধি কৰিব পাৰিলে নবাৰুণে। নবাৰুণক দেখি ইংগিতেৰে কাষৰ ড্ৰয়িং ৰুমটোৰ ফালে দেখুৱাই দিলে সাগৰিকাই। ড্ৰয়িং ৰুমতেই বহি আছিল সেই অচিনাকি আলহীজন। নবাৰুণক দেখিয়েই মিচিকিয়াই হাঁহি এটা মাৰিলে অতিথিজনে। মানুহজনৰ মুখখনলৈ চাইয়ে চকু কপালত উঠিল নবাৰুণৰ।
"আৰে উদীপ্ত তই ইয়াত? কচোন খবৰ খাতি?" নবাৰুণে উজ্জ্বল হাঁহি এটা মাৰি শুধিলে।চিন্তাবোৰ তেতিয়াহে শেষ হৈছিল তাৰ।
"আছো ভালেই, তহঁতৰ খবৰ কচোন?" উদীপ্ত আৰু নবাৰুণে ইজনে সিজনক সাবটি ধৰিলে। আশ্বৰ্য্যত সাগৰিকাই মাথো ভেবা লাগি চাই থাকিল দুয়োকে।
"মৌ ই মোৰ বাল্যকালৰ বন্ধু উদীপ্ত ভৰদ্বাজ। বৰ্তমান ক্ৰাইম ব্ৰাঞ্ছৰ এ.চি.পি।আৰু উদীপ্ত এইয়া মোৰ সহধৰ্মিনী সাগৰিকা।বিয়াৰ ৰিচিপচনৰ দিনা অলপ সময়ৰ কাৰণে ই আহিছিল, কিন্তু তোমাৰ লগত ভালদৰে চিনাকি কৰাই দিয়া নহ'ল। সেইকাৰণে চিনি নাপালা। আৰু দোস্ত ত্ইয়ো যে এটা মানুহ। সাগৰিকাক চিনাকিটো দি দিব পাৰ আহিয়েই। মিছামিছি এনেই ভয় খালো। মোৰতো চিন্তাই হৈছিল, কোন বা আহিল, কিয় আহিল?" সাগৰিকাৰ মনৰ অৱস্থা বুজিব পাৰি উদীপ্তক তাইৰ সৈতে চিনাকি কৰাই দিলে নবাৰুণে। হাঁহিব নে কান্দিব এনেকুৱা লাগিল সাগৰিকাৰ। ইমান সময়েটো উদীপ্তক লৈ বেলেগ এটা ধাৰণাই কৰি পেলাইছিল তাই।
"তাকে চালো আকৌ পুলিচৰো মনত ভয় থাকে নে নাই।পিছে তোৰ ৱাইফো কিন্তু কম সাহসীয়াল নহয় দেই। ভিতৰি ভয় খাইছিল যদিও কিন্তু মোৰ আগত একদম নৰ্মেলি কথা পাতি থাকিল। এইয়াহে পুলিচৰ পত্নী।" ৰসিকতা কৰি গিৰ্জনি মাৰি হাঁহি দিলে উদীপ্ত ই।
"ভয় নালাগিবনে কিবা। কোন দিন লগ নোপোৱা মানুহ এজনে যদি ডাইৰেক্ট আহি কয় আপোনাৰ মানুহজনক মাতক ইম্পৰটেন্ট কথা আছে। সুধিলেও নিজৰ চিনাকি নিদিয়ে। কমটি ভয় লাগিছিল নেকি মোৰ।আপোনাক পিছে বহুত সময় এনেই বহাই ৰাখিলো। ভালকৈ কথাও নাপাতিলো। বহক মই চাহ কৰি আনো।" ভীষণ লাজ লাগিছিল সাগৰিকাৰ। দুয়োকে কথা পাতিবলৈ এৰি চাহ কৰিবলৈ কিটচেনত সোমাল সাগৰিকা।
দীৰ্ঘদিনৰ পাচত দুই বন্ধু লগ হৈ যথেষ্ট আবেগিক হৈ পৰিছিল দুয়ো। বহুত সময় ধৰি পুৰণা স্মৃতিবোৰ ৰোমন্থন কৰিলে নবাৰুণ আৰু উদীপ্ত ই। কেনেকৈ স্কুল আৰূ কলেজৰ দিনবোৰ পাৰ কৰিছিল, কলেজ তিনি আলিৰ ঘূমটি কেইখনৰ ওচৰত ৰৈ কেনেকৈ ছোৱালী জোকাইছিল সকলোবোৰ কথাই ঠাই পালে দুয়োৰে আদ্দাত। কথাৰ মাজতেই ডাইনিংত চাহ-জলপানৰ যোগান ধৰিলে।সাগৰিকাই।
"কচোন এইফালে কিয় অহা হ'ল তোৰ?" চাহ খাই থকাৰ মাজতেই প্ৰশ্ন কৰিলে নবাৰুণে।
"ইয়াত হৈ যোৱা মাৰ্ডাৰ কেইটাৰ কাৰণে হেড কোৱাৰ্টাৰৰ পৰা কালি স্পেচিয়েলি এপ্ইন্ট কৰিলে মোক। হেড কোৱাৰ্টাৰৰ পৰা স্ট্ৰিক্ট অৰ্ডাৰ ইমিডিয়েট কমলপুৰলৈ যাব লাগে। সেইকাৰণে যোৱাকালিয়ে টালি-টোপোলা সামৰি গুছি আহিলো। ইয়াত আহি গম পালো এই কেচটো তই হেণ্ডেল কৰি আছ।সেইকাৰণে ৰাতিপুৱা জ্ইন কৰিয়েই চিধা তোৰ ঘৰলৈ গুছি আহিলো। ভাবিলো তোকো চাৰপ্ৰাইজ এটা দিয়া হব।পিচে ইয়ালৈ আহি এক গুলিত দুই চিকাৰেই হৈছে মোৰ।" জলপানৰ বাতিটো হাতত লৈ কথাখিনি ক'লে উদীপ্ত ই।
"মানে?"
"তোক কবলৈয়ে।পাহৰিছিলো।মানে কমলপুৰৰে ছোৱালী এজনীৰ লগত মোৰ বিয়াৰ কথা-বতৰা চলি আছে।ইয়ালৈ আহিলো যেতিয়া তেওঁকো লগ কৰি কথাটো ফাইনেল কৰা হ'ব।" লাজ লাজকৈ হাঁহি এটা মাৰিলে উদীপ্ত ই।
"আৰে ৱাহ গৰম খবৰচোন। এট লিষ্ট তই এইবোৰলৈ মন মেলিলি।ইয়াৰে ছোৱালী অথচ মোক কোৱাই নাছিলি যে। কচোন ছোৱালীজনীৰ নামটো, কি ক'ত কিয় বিখ্যাত?"
"তাইৰ নামটো প্ৰাঞ্জনা চৌধুৰী। ই এন টি স্পেচিয়েলিষ্ট। দেউতাকো ডাক্তৰ নামটো অমৰজ্যোতি চৌধুৰী। ইয়াতে সাধনা বুলি দেউতাকৰ নাৰ্চিংহোম এখন আছে।"
"আৰে দেউতাকচোন মোৰ খুব ভাল চিনাকী ডাক্তৰ। আমি তেখেতৰ ওচৰতে টেষ্টখিনি কৰাই আছো।পিছে পুলিচ আৰু ডাক্তৰ, কেচটো কি? লিংকটো কেনেকৈ লাগিল।প্ৰেম নে কি?" ৰসিকতা কৰি ক'লে নবাৰুণে।
"ছোৱালীজনীৰ মাহীয়েক আমাৰ ৰীণা মাহীৰ জা'ক হয়। ঘৰত বিয়া পাতিবলৈ বৰ যোৰ কৰি আছিল। ৰীণা মাহীয়ে তেওঁৰ কথা ক'লে। মা-দেউতাই এবাৰ চোৱাৰ নিয়মটো কৰিলেহি। ভাবিছো ইয়াতে অলপ দিন থাকিম যেতিয়া দুদিনমান তেওঁক লগ কৰি কথাবোৰ আগবঢ়াব পাৰি নেকি চাম। আমি হে ভাবি আছো, ছোৱালীজনীৰ বা মত আছে নে নাই?তেনেকৈ আগতে কথা-বতৰাও পতা নাই নহয়। বিয়া এখনতহে এবাৰ লগ পাইছিলো"
"উমম মই ঠিকেই ভাবিছিলো তোৰ নো আৰু প্ৰেম হব নে। যিহে বৰিং মানুহ এটা ত্ই।"
"মোৰ পিছে ছোৱালীজনীলৈহে বেয়া লাগিছে। পুলিচক বিয়া পাতিবলৈ ওলাই তাই কমটো দুঃসাহস কৰিছে নে?" সাগৰিকাৰ কথাত গিৰ্জনি মাৰি হাঁহি দিলে আটায়ে।
"পিছে ভালেই হ'ল দে। দেউতাক তোৰ চিনাকি যেতিয়া দুয়োটাই টাইম মিলাই এপাক গৈ আহিম সিহঁতৰ ঘৰৰ পৰা।বাৰু এতিয়া কেচটোৰ কথা কচোন।" কেচটোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে উদীপ্ত ই।
"কেচটো অলপ জটিল। মই কেৰিয়াৰত এনেকুৱা কেচ প্ৰথমবাৰ পাইছো। মৃত মহিলা দুগৰাকীক ডিঙি কাটি যি বিভৎসভাবে হত্যা কৰা হ'ল ত্ই হয়তো নেদেখিলে বিশ্বাস কৰিবৈ নোৱাৰিবি। যেন মহিলা দুগৰাকীৰ লগত বহু দিনীয়া আক্ৰোশ আছিল হত্যাকাৰীৰ। তাতোতকৈ আচৰিত হত্যাকাৰীয়ে ডেডবডিৰ কাষত তেজেৰে এটাকৈ আখৰ লিখি গৈছে। মই ইমান দিনে ভাবি উলিয়াব পৰা নাই আখৰ কেইটাই আচলতে বুজাব বিচাৰিছে কি? মোৰটো কেচটো বেলেগৰ হাতলৈ যোৱা বুলি শুনি দুখেই লাগিছিল। এতিয়া ত্ই লীড কৰিবি বুলি শুনি ভালেই লাগিল। এট লিষ্ট চিনি পোৱা এজনৰ লগত কাম কৰিম।" কেছটোৰ কথা সংক্ষেপে বৰ্ণনা কৰিলে নবাৰুণে।
"উমম এই মৃত মানুহদুগৰাকীৰ মাজত কিবা কানেকচন আছিল নেকি?" উদীপ্ত ই সুধিলে।
"এই মানুহ দুগৰাকীয়ে প্ৰায়ে ইয়াৰ চিটি মল নামৰ শ্বপিং মলখনত শ্বপিং কৰিবলৈ গৈছিল। আৰু তাতেই ৰাজপ্ৰকাশ নামৰ চেলছমেন এজনে ট্ৰায়েল ৰুমত গোপন কেমেৰাৰে দুয়োৰে ভিডিঅ শ্বুট কৰিছিল। আৰু তাৰ পাচতেই ল'ৰাটোৱে দুয়োকে ব্লেকমেইলিং কৰা আৰম্ভ কৰিছিল।বৰ্তমান ল'ৰাটো পলাই আছে। পুলিচে তাক এৰেষ্ট কৰিবলৈ ট্ৰাই কৰি আছে।মই হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ ৰাজপ্ৰকাশৰ এই কেচটোৰ লগত কিবা নহয় কিবা সম্পৰ্ক আছে।" নবাৰুণে উৎসাহেৰে ক'লে।
"তেন্তে দোস্ত ত্ইচোন কেচটোৰ আধাতকৈ বেছি কাম চল্ভেই কৰি পেলালি। এতিয়া ৰাজপ্ৰকাশক এৰেষ্ট কৰিব পাৰিলেই কেচটোৱেই চল্ভ।কিন্তু ত্ই মোক এটা হেল্প কৰিব লাগিব। কেচটো চল্ভ হোৱালৈকে ইয়াত থাকিবলৈ তই মোক এটা ঘৰ চাই দিব লাগিব।"
"কোনো দৰকাৰ নাই। আমাৰ ঘৰখন এনেই আছে নেকি?কেচ চল্ভ হোৱালৈকে তই আমাৰ আলহী।তোৰ থকা খোৱা শোৱাৰ সম্পূৰ্ণ দায়িত্ব মোৰ।" উদীপ্তৰ কথাষাৰত গৰজি উঠিল নবাৰুণ।
"অ' তো ইমান ডাঙৰ ঘৰখনত আমি মাত্ৰ দুজনেই মানুহ থাকো। আপুনি থাকিলে আমাৰো ভাল লাগিব।"নবাৰুণৰ লগতে সাগৰিকাইয়ো যোগ দিলে।
"কিন্তু!!" উদীপ্ত ই অলপ ইতস্ততঃবোধ কৰিলে।
"কোনো কিন্তু নাই। মুঠতে তই আজিৰ পৰা আমাৰ আলহী।"কথাৰ মাজতেই উচ্চস্বৰত নবাৰুণৰ মবাইলটো বাজি উঠিল।
"হেল্ল।" শংকৰৰ ফোন। নবাৰুণে সহাৰি জনালে।
"ছাৰ গুড নিউজ এটা আছে। ৰাজপ্ৰকাশক দেৰগাঁও পুলিচে এৰেষ্ট কৰিছে। ইতিমধ্যে তাক ইয়ালৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ পুৱালৈ ৰাজপ্ৰকাশ আমাৰ হাতত আহি পৰিব।" শংকৰে আনন্দত কথাষাৰ ক'লে।
"ভেৰি গুড। কিন্তু শংকৰ এই কথাটো এতিয়াই মিডিয়াক জানিবলৈ নিদিবা।" ফোনটো সংযোগবিহীন কৰিলে নবাৰুণে।
"কাৰ ফোন আছিল?" উদীপ্ত ই সুধিলে।
"ইন্সপেক্টৰ শংকৰৰ ফোন। ৰাজপ্ৰকাশক দেৰগাঁৱৰ পুলিচে এৰেষ্ট কৰিছে। কাইলে হত্যাকাৰী আমাৰ হাতত।তই এতিয়া অলপ মুখ হাত ধুই ৰেষ্ট ল।কাইলৈ সোনকালে থানালৈ যাব লাগিব।" বিজয়ৰ হাঁহি এটা মাৰিলে নবাৰূণে। উদীপ্তৰো চকু কেইটা উজ্জ্বল হৈ উঠিল।
◆◆◆◆◆◆◆◆◆◆◆◆
"আহ নামাৰিব!" শংকৰ আৰু বিদ্যুতৰ পৰা বেতৰ কোব কেইটা খাই চিঞৰি উঠিল ৰাজপ্ৰকাশ। কমলপুৰ এৰি পলাই গৈ ঘৰতে আত্মগোপন কৰি থকা ৰাজপ্ৰকাশক এৰেষ্ট কৰিবলৈ বিশেষ অসুবিধা নহৈছিল দেৰগাঁৱৰ পুলিচৰ। এৰেষ্ট কৰি ৰাতিয়েই কমলপুৰলৈ তাক চালান দিছিল দেৰগাঁৱ পুলিচে। দুপৰীয়াৰ পৰা ৰাজপ্ৰকাশক সোধ-পোছত ব্যস্ত আছিল নবাৰুণ, উদীপ্তকে ধৰি পুলিচ বাহিনী। ইতিমধ্যে সন্ধ্যা হবৰে হৈছিল।কিন্তু সোধ-পোছৰ নামত অলপো আগবাঢ়িব পৰা নাছিল উদীপ্ত আৰু নবাৰুণ।শংকৰ আৰু বিদ্যুতৰ পৰা বেতৰ কোববোৰ খাই অৱশ হৈ পৰিছিল ৰাজপ্ৰকাশ। তৎসত্বেও কিন্তু তাৰ একেটাই উত্তৰ মই একো নাজানো।
"অথনিৰ পৰা সুধি আছো। ভালে ভালে সঁচা কথাখিনি কৈ পেলা। মাথা গৰম হব লাগিলে ইয়াতে এনকাউন্টাৰ কৰি পেলাম।" শংকৰৰ মূৰটো গৰম হৈ আহিছিল। ৰাজপ্ৰকাশৰ ভৰিৰ তলুৱা দুখনত ভালকৈ দুকোব সোধাই দিলে শংকৰে।
"মোক মিছাই সন্দেহ কৰিছে। মই এইবোৰ একো নাজানো।" মাৰ খাই চিৎকাৰ কৰি উঠিল ৰাজপ্ৰকাশে।নবাৰুণৰ খঙটো মূৰৰ ওপৰলৈ উঠি আহিল।
"হত্যাৰ এসপ্তাহ আগতে ত্ই মলৰ ট্ৰায়েল ৰুমত মহিলা দুজনীৰ গোপন ভিডিঅ শ্বুট কৰিছিলি। আৰু তাৰ পাছতেই মানুহদুগৰাকীক ত্ই ব্লেকমেইলিং কৰা আৰম্ভ কৰিছিলি। অলৰেডি আমি সেই ট্ৰায়েল ৰুমত থকা কেমেৰা কেইটা চিজ কৰিছো। মানুহ দুজনীৰ হোৱাটছ এপপত থকা তোৰ মেচেজবোৰৰো ফটো আমাৰ ওচৰত আছে। তোক হত্যাকাৰী বুলি প্ৰমাণ কৰিবলৈ ইমানখিনি এভিডেন্সেই যথেষ্ট। গতিকে ভালেৰে কৈছো সকলোখিনি সচা কথা কৈ পেলা।নহ'লে এই পিষ্টলটোত থকা গোটেই কেইটা গুলি তোৰ মূৰেৰে সৰকাই ইয়াতে কেচটো ক্লজ কৰি দিম।" ৰাজপ্ৰকাশৰ মূৰত নাইন এম এম পিষ্টলটো গুজি দি গৰজি উঠিল নবাৰুণ।
"ছাৰ ছাৰ কৈছো ছাৰ। সেই মানুহ দুগৰাকীৰ ভিডিঅ বনাই মই ব্লেকমেইলিং কৰাটো সঁচা। কিন্তু ছাৰ মই তেওঁলোকক হত্যা কৰা নাই। বিশ্বাস কৰক ছাৰ।" ভীষণ ভয় খাইছিল ৰাজপ্ৰকাশে।
"আকৌ মিছা মাতিছ। হত্যা যদি কৰাই নাচিলি তেন্তে পলাই ফুৰিচিলি কিয়?" উদীপ্তৰো খঙটো বাঢ়ি আহিছিল।
"ছাৰ ভয়তে পলাই ফুৰিছিলো। কাৰণ মই ভাবিছিলো মানুহ দুজনীৰ ফোন দুটা চেক কৰিলেই পুলিচে চিধাই মোক সন্দেহ কৰিব। কিন্তু প্লিজ ছাৰ বিশ্বাস কৰক, মই তেওঁলোকক হত্যা কৰা নাই। মই মাত্ৰ তেওঁলোকক ব্লেকমেইলিং কৰি টকা গোটোৱাৰ ধান্দা কৰিছিলো। ছাৰ কোনোবাই মোৰ প্লেনটোৰ ফায়দা উঠাইছে। প্লিজ ছাৰ, মই মিছা মতা নাই।" সৰু ল'ৰা এটাৰ দৰে উচুপি উঠিল ৰাজপ্ৰকাশে।
"তোৰ এই প্লেনটোৰ কথা আন কোনোবাই জানিছিল?" গহীন হৈ সুধিলে উদীপ্ত ই।
"নাই ছাৰ মই বেলেগ কাকো জানিবলৈ দিয়া নাছিলো।" কপা কপা মাতেৰে উত্তৰ দিলে ৰাজে।
"তেন্তে কোনে তোৰ প্লেনটোৰ ফায়দা উঠাব। সেই মহিলা দুগৰাকীৰ বাহিৰে আৰু কিমানৰ ভিডিঅ বনাইছিলি ত্ই?" নবাৰুণৰ খংটো তেতিয়াও কমা নাছিল।
"ছাৰ আৰূ পাচজনী মানুহৰ ভিডিঅ কৰিছিলো। কিন্তু বিশ্বাস কৰক এই মানুহ দুজনীৰ হত্যা হোৱাৰ পাচত ভয়তে মই বাকীবোৰ ভিডিঅ ডিলিট কৰি দিছো।" কান্দি কান্দিয়েই উত্তৰ দিলে ৰাজপ্ৰকাশে।
" ই ছাৰ আকৌ মিছা মাতিছে। আৰু দুচাটমান দি দিলেই ই বেটাই আপোনা আপোনি সব কৈ পেলাব।" শংকৰে বেটদাল দাঙি পিটিবলৈ উদ্যত হ্ওতেই ফোনটো বাজি উঠিল চাব ইন্সপেক্টৰ বিদ্যুতৰ। ফোনটো ৰিচিভ কৰিয়েই মুখখন শেতা পৰি গ'ল বিদ্যুতৰ।
"কি হ'ল বিদ্যুত কাৰ ফোন আছিল?" সকলোৱে উৎসুকতাৰে বিদ্যুতৰ মুখলৈ চালে।
"ছাৰ মানিকপুৰৰ সাৰথি এপাৰ্টমেন্টত আকৌ এজনী মহিলাক হত্যা কৰা হৈছে। ঠিক চয়নিকা আৰু সবিতাক হত্যা কৰাৰ দৰেই।" বিদ্যুতৰ কথাষাৰত স্থৱিৰ হৈ ৰখি গ'ল ইন্টাৰোগেচন ৰুমত থকা সকলোটি।অবাক বিস্ময়ত সকলোৰে মুখবোৰ মেল খাই গৈছিল।
(আগলৈ)