#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৫)
ডাঃ অমৰজ্যোতি চৌধুৰীৰ তাত টেষ্টখিনি কৰিবলৈ দি থানা পোৱালৈ যথেষ্ট দেৰিয়েই হৈছিল নবাৰুণৰ। আগদিনাৰ শংকৰৰ ফোনকলটোত মনটো কিছু ভাল লাগি গৈছিল তাৰ। দুটাকৈ জঘন্য হত্যাৰ পাছতো কেছটোত বিশেষ আগবাঢ়িব পৰা নাছিল নবাৰুণৰ পুলিচ বাহিনী। আচলতে কেছটোত আগবাঢ়িবলৈ একো ক্লুয়েই পোৱা নাছিল সিহঁতে। কিন্তু আগদিনা ৰাতি শংকৰৰ ফোনকলটোৱে নবাৰুণৰ মনটোত আকৌ নতুনকৈ উৎসাহ দিলে।ৰিপৰ্টখিনি পাছদিনা কালেক্ট কৰিম বুলি ডাক্তৰক কৈ চিধাই থানালৈ আহিল সি। এজন দক্ষ পুলিচ অফিচাৰ হিচাপে এটা সুনাম আছে নবাৰুণৰ। তৎসত্বেও কেছটো বেলেগৰ হাতলৈ গুছি যোৱাত যথেষ্ট ভাগিয়েই পৰিছিল সি।
"শংকৰ এই ৰাজপ্ৰকাশ নামৰ ল'ৰাজনৰ লগত মহিলা দুগৰাকীৰ কানেকছন?"
"ছাৰ চয়নিকা আৰু সবিতাৰ মোবাইলফোন দুটালৈ অহা সকলো লিষ্ট যোৱাকালি মই চেক কৰিছিলো। এই ৰাজপ্ৰকাশ নামৰ ল'ৰাটোৰ নম্বৰৰ পৰা সঘনাই দুয়োগৰাকীলৈ খুব ফোন কল আহিছিল। সন্দেহ বাঢ়ি যোৱাত মই মানুহ দুজনীৰ হোৱাটছ এপপৰ চাট লিষ্টখন চেক কৰিলো। তাতো ছাৰ ল'ৰাজনৰ পৰা সঘনাই ব্লেকমেইলিং জাতীয় মেছেজ আহিছিল দুয়োগৰাকীলৈ।" শংকৰে উত্তৰ দিলে।
"কেনেধৰণৰ ব্লেকমেইলিং?" নবাৰুণে উৎসুকতাৰে সুধিলে।
"ল'ৰাজনৰ মেছেজ অনুসৰি তাৰ হাতত মহিলা দুগৰাকীৰ কিবা গোপন ভিডিঅ আছিল। তাকে লৈ ল'ৰাজনে মানুহদুগৰাকীৰ পৰা দুই লাখকৈ টকা ডিমাণ্ড কৰিছিল। অন্যথা চচিয়েল মিডিয়াত সেই ভিডিঅখিনি এৰি দিয়াৰ ভাবুকি দিছিল সি। আনকি ৰাজপ্ৰকাশৰ পৰা মানুহদুগৰাকীলৈ কিছুমান অশ্লীল প্ৰস্তাৱো আহিছিল।"
"আচৰিত!! মহিলা দুগৰাকীৰ গোপন ভিডিঅ তাৰ ওচৰলৈ আহিল কেনেকৈ? মহিলা দুগৰাকীৰ মোবাইলত সেই ভিডিঅ কেইটা আছিল নেকি?" আচৰিত হ'ল নবাৰুণ।
"ভিডিঅ কেইটা ছাৰ মানুহদুগৰাকীয়ে কাপোৰ চেঞ্জ কৰি থকাৰ সময়ত শ্বুট কৰা।ছাৰ ল'ৰাজনে চিটি মলত চেলচমেন হিচাপে কাম কৰিছিল। আৰু মহিলা দুগৰাকী প্ৰায়ে তালৈ শ্বপিং কৰিবলৈ গৈছিল। ৰাজপ্ৰকাশে তাৰে এটা ট্ৰায়েল ৰুমত গোপনে এটা কেমেৰা ফিট কৰিছিল।আৰু মানুহদুগৰাকীয়ে কাপোৰ চেঞ্জ কৰা সময়ত সেই গোপন কেমেৰাত দৃশ্যখিনি আৱদ্ধ হৈছিল।" শংকৰে একেউশাহতে কথা কেইষাৰ ক'লে।
"তেন্তে অকল চয়নিকা আৰু সবিতাই হয়তো ৰাজপ্ৰকাশৰ চিকাৰ নহয়। সেইখন মললৈতো প্ৰত্যক দিনাই কত মহিলাৰ আহ যাহ চলে। সেইফালৰ পৰা চাব গ'লেতো তাৰ হাতত হয়তো আৰু তেনেকুৱা বহুতো ভিডিঅ আছে।শংকৰ এই ল'ৰাটোৱে বেলেগ কোনোবা মহিলাক টাৰ্গেট বনোৱাৰ আগত ইমিডিয়েট তাক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগিব। তুমি এটা কাম কৰা বিদ্যুতক পঠাই সেই ট্ৰায়েল ৰুমটো চিজ কৰাৰ ব্যৱস্থা কৰা।"
"ছাৰ আপোনালৈ ফোন কৰাৰ পাছত কালি ৰাতিয়েই আমি তালৈ গৈছিলো। কিন্তু তেতিয়ালৈ মলখন বন্ধ কৰা হৈছিল। সেইকাৰণে আজি ৰাতিপুৱাই তালৈ গ'লো বিদ্যুত আৰু মই।ছাৰ ট্ৰায়েল ৰুমটো ইতিমধ্যেই চিজ কৰা হৈছে।তাত থকা কেমেৰাকেইটাও উদ্ধাৰ কৰা হৈছে।ৰাজপ্ৰকাশে যে তাত এটা কেমেৰা ফিট কৰিছিল সেইয়া আন কোনেও গমেই পোৱা নাছিল।" শংকৰে উত্তৰ দিলে।
"ভেৰি গুড। কিন্তু এই কথাটো মিডিয়া বা আন কোনেও যাতে বাহিৰত গম নাপায়। নহ'লে বহুত ডাঙৰ হাংগামা হৈ যাব।কাৰণ কমলপুৰৰ মেক্সিমাম মহিলাই তাতে শ্বপিং কৰিবলৈ যায়"
"সেই কথাটো মইও ভাবিছিলো ছাৰ। সেইকাৰণেই শ্বপিং মলৰ সকলোকে কথাটো যিমান পাৰি গোপন কৰি ৰাখিবলৈ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে।"
"ৱেল দান শংকৰ। পিছে এই ৰাজপ্ৰকাশ দাসৰ বিষয়ে মলৰ মানুহৰ পৰা কি কি জানিব পাৰিলা।" শংকৰৰ কথাষাৰত সন্তুষ্টিৰ হাঁহি এটা মাৰি ক'লে নবাৰুণে।
"ল'ৰাজনৰ ঘৰ দেৰগাঁৱত।চিটি মলত কাম কৰিবলৈ লোৱাৰ পৰা ইয়াৰে এটা ভাড়াঘৰত আছিল।কিন্তু আমি কালি গৈ পোৱাৰ আগতেই সি পলাই গ'ল। ছাৰ মলত কাম কৰা মানুহখিনিৰ মতে ৰাজপ্ৰকাশৰ স্বভাৱ-চৰিত্ৰ খুবেই ভাল আছিল।ল'ৰাটোৱে খুব কমেইহে কথা পাতিছিল সকলোৰে লগত।সি এই ঘটনাটো কৰা বুলি শুনি তাত কাম কৰা সকলো আচৰিতেই হৈছে। সি তেনেকুৱা এটা কাম কৰিব বুলি কোনেও সপোনতো বোলে ভাবিব নোৱাৰে।" শংকৰে উত্তৰ দিলে।
"হুহ এই নিবোকা চামনবোৰেইটো গৈ সাত ঘাটৰ সৈয়া কণী হৈ ওলায়।" বেকাকৈ হাঁহি এটা মাৰিলে নবাৰুণে।
"কিন্তু ছাৰ সি মহিলাদুগৰাকীক হত্যা কৰিলে কিয়। তাৰ উদ্দেশ্যটো অকল ব্লেকমেইলিং কৰি টকা যোগাৰ কৰাই আছিল।" উৎসুকতাৰে প্ৰশ্ন কৰিলে শংকৰে।
"বোধকৰো মহিলা দুগৰাকীয়ে তাৰ কথা পুলিচক লগোৱাৰ ভাবুকি দিছিল। অৱশ্যে সেইয়া ৰাজপ্ৰকাশক এৰেষ্ট কৰাৰ পাছত হে গম পোৱা হ'ব।তুমি ইমিডিয়েট তাৰ ফোনটোৰ কাৰেন্ট ল'কেছন ট্ৰেক কৰাৰ ব্যৱস্থা কৰা।কিমান দিন পলাই থাকিব সি।" কিবা এটা চিন্তা কৰি গহীন ভাবে কথাষাৰ ক'লে নবাৰুণে।
"ছাৰ ল'ৰাজনে ফোনটোৰ চুইটচ অফ কৰি থৈছে। গতিকে কাৰেন্ট ল'কেচনটো গম পোৱা নাযাব। কিন্তু ফোনটোৰ লাষ্ট ল'কেচন চেক কৰোতে বোকাখাটৰ ওচৰত নেচনেল হাইৱেত পোৱা গৈছে।" শংকৰে উৎসাহেৰে ক'লে।
"দেন সি ঘৰৰ ফালেই কৰবাত পলাই আছে। মে বি ঘৰলৈ যাওতে বোকাখাটৰ ওচৰতেই ফোনটো পেলাই গৈছে।তুমি দেৰগাঁও থানাৰ লগত কন্টেক্ট কৰা।ৰাজপ্ৰকাশ দাসক যিমান পাৰি সোনকালে এৰেষ্ট কৰাৰ ব্যৱস্থা কৰা। মই চিউৰ সি ঘৰৰ আশে পাশেই কৰবাত আছে।"
"থিক আছে ছাৰ।" নিয়মমাফিক চ্যেলুট কৰি ওলাই গ'ল শংকৰ।
চাহ একাপ খাবলৈ বৰকৈ মন গৈছিল নবাৰুণৰ। কনিষ্টবল এজনক মাতি চাহ একাপ আনিবলৈ অৰ্দাৰ দিলে নবাৰুণে। মনটো আগতকৈ কিছু ফৰকাল হ'ল নবাৰুণৰ। কেছটো বেলেগৰ হাতলৈ গুছি যোৱাত মান-সম্ভ্ৰমৰ কথাও আহি পৰিছিল তাৰ। সেয়েহে নতুন অফিচাৰজন অহাৰ আগতেই কেছটো চল্ভ কৰিবলৈ যিমান পাৰি তদন্ত খৰতকীয়া কৰিবলৈ চেষ্টা কৰিছিল নবাৰুণে। অৱশ্যে ব্লেকমেইলিংয়েই যদি উদ্দেশ্য আছিল ৰাজপ্ৰকাশে মহিলা দুগৰাকীক কিয় হত্যা কৰিলে সেইয়াও এক ডাঙৰ প্ৰশ্ন হৈ আছিল নবাৰুণৰ কাৰণে। মহিলা দুগৰাকীৰ ডেডবডিৰ কাষতে লিখা আখৰ কেইটাৰে বা কি বুজাব বিছাৰিছিল ৰাজপ্ৰকাশে?সেইয়া অৱশ্যে ৰাজপ্ৰকাশক লগ পোৱাৰ পাছতহে জানিব পৰা যাব। কথাবোৰ ভাবি ভাবি চাহ খাই থাকোতেই ফোনটো বাজি উঠিল নবাৰুণৰ।সাগৰিকাৰ ফোন। এই সময়ত বা আকৌ কিয় ফোন কৰিলে সাগৰিকাই? ভাবি আচৰিতেই হ'ল নবাৰুণ।
"জল্দি ঘৰলৈ আহাচোন।" ফোনটো ৰিচিভ কৰি সহাঁৰি জনাবলৈ লওতেই বেলেগ কথাৰ অৱতাৰণা নকৰাকৈ চিধাই নবাৰুণক ঘৰলৈ মাতিলে সাগৰিকাই।
"আৰে কি হ'ল মৌ?ইমান উধাতু খাই ফোন কৰিছা যে।" আচৰিত হ'ল নবাৰুণ।
"কোনোবা এজন আহিছে তোমাক লগ কৰিবলৈ। এই কেছটোৰ হত্যাকাৰীৰ বিষয়ে বোলে কিবা কথা জানে। তুমি ইমিডিয়েট ঘৰলৈ আহা।"
"কিন্তু মানুহজন কোন?"
"মই চিনি নাপাও।আগে পাছে কেতিয়াও ইয়াত দেখা নাই মানুহটোক। সুধিলেও ভালকৈ একো নকয়।তোমাক হে লগ পাব বিচাৰিছে।থানাৰ বেলেগকো কথাটো কবলৈ মানা কৰিছে। অ' ৰুণ মানুহটোৰ ব্যৱহাৰ পাতিবোৰো মোৰ কিন্তু অকণো ঠিক লগা নাই। মোৰ হ'লে বিৰাট ভয় লাগিছে। প্লিজ তুমি জল্দি আহা।" সাগৰিকাৰ মাততো থোকাথোকি হ'ল।
"তুমি একেবাৰে চিন্তা নকৰিবা। মানুহজনক মই গৈ পোৱালৈকে বহিব কোৱা। মই পাচ মিনিটত ঘৰ গৈ পাম।" ফোনটোৰ সংযোগ বিছিন্ন কৰিলে নবাৰুণে। চিন্তাত পৰিল সি। কোন মানুহ সেইজন? কেছটোৰ লগত তেওঁৰ সম্পৰ্কই বা কি?ৰাজপ্ৰকাশ হত্যাকাৰী নহয় নেকি? যদি তাক হত্যাকাৰী সন্দৰ্ভত মানুহটোৱে কিবা ক'ব বিছাৰিছে তেন্তে থানালৈ নাহি ঘৰলৈ গ'ল কিয়? মানুহটোৰ উদ্দেশ্য কিবা বেলেগ নহয়টো? সাগৰিকাও ঘৰত অকলে আছে।এনেই দিন কাল বেয়া।এই সময়টোতেইটো আনদুটা হত্যাকাণ্ড সংঘটিত হৈছিল।যদি সাগৰিকাক অকলশৰে পাই মানুহটোৱে........। বুকুখন চিৰিংকৈ মাৰিলে নবাৰুণৰ। একেচাটেই বাহিৰলৈ ওলাই আহিল সি।চিন্তাত মাথা গৰম উঠি আহিল তাৰ। ইতিমধ্যে সন্ধ্যা হৈ আহিছিল। গধুৰ মন এটা লৈ ফুল স্পিডত ঘৰ অভিমুখে গাড়ী দৌৰাই দিলে নবাৰুণে। কাৰণ সেইসময়ত তাৰ ঘৰত তালৈকে অপেক্ষা কৰি আছে কোনোবা এজন অচিনাকি আলহীয়ে, সাগৰিকা যে ঘৰত অকলশৰে।
(আগলৈ)