#থ্ৰিলাৰ_কাহিনী
#বায়ুগ্ৰস্ত_নিহন্তা
(৩)
চয়নিকা ৰাভাৰ হত্যাৰ কেছটোৱে যথেষ্ট বিবুধিত পেলালে নবাৰুণক। তাতোকৈ যথেষ্ট বিবুধিত পেলাইছে এই M আখৰটোৱে। কি বুজাইছে এই আখৰটোৱে,হত্যাৰ বা উদ্দেশ্য ই কি? ইতিমধ্যে তিনিটা দিন অতিক্ৰম কৰিছে ঘটনাটোৱে। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ৰ অনুসন্ধানখিনিৰ বাহিৰে কেছটোত অকণমানো আগবাঢ়িব পৰা নাই পুলিচ বিভাগ। হত্যাকাৰীৰ ওচৰ চাপিবলৈ হ'লে প্ৰথমে বিছাৰি উলিয়াব লাগিব হত্যাৰ মূল উদ্দেশ্য, কিন্তু চয়নিকা বা বিপুল ৰাভাৰ সন্দৰ্ভত যিমানখিনি তথ্য এতিয়ালৈকে নবাৰুণে লাভ কৰিলে তাৰ পৰা একো অনুমানেই কৰিব পৰা নাযায় কিয় ইমান নিৰ্দয় ভাবে চয়নিকাক হত্যা কৰা হ'ল।
"শংকৰ বিপুল ৰাভাই কোৱা অনুসৰি তেওঁলোকৰ ঘৰৰ কাম কৰা মানুহজন বেমাৰৰ বাবে ছুটীত আছিল। কথাষাৰ কিমানদূৰ সঁচা।" আবেলি থানাত পোষ্ট মৰ্টেম ৰিপৰ্টোত চকু ফুৰাই থকাৰ পৰাই সুধিলে নবাৰুণে।
"ছাৰ নন্দ দাসে সচাকৈয়ে বেমাৰৰ বাবে কামৰ পৰা ছুটী লৈছিল। আনকি হত্যাকাণ্ডৰ দিনা পুৱাই তেওঁক পৰিয়ালৰ মানুহে চিভিল হস্পিতালত ভৰ্তি কৰিছিল। ছাৰ এইয়া তেওঁৰ মেডিকেলৰ ৰিপৰ্ট।" ফাইল এটা আগবঢ়াই দিলে শংকৰে।
"ঠিকেই নন্দ দাসে হত্যা কৰা হ'লে হয়তো প্ইচা বা সোণৰ গহনা ইত্যাদি কাৰণত সেই কাম কৰিলেহেতেন। কিন্তু তেওঁলোকৰ ঘৰত তেনেকুৱা একো হানি-বিঘিনি হোৱা নাছিল।" নিজকে নিজেই কোৱাৰ দৰে কথাখিনি ক'লে নবাৰুণে।
"বাৰু শংকৰ বিপুল ৰাভাৰ কোনোবা ব্যক্তিগত শত্ৰু আছিল নেকি যাৰ বাবে হয়তো চয়নিকা এনে জঘন্য ঘটনাৰ বলি হ'ব লগা হ'ল।"
"নাই ছাৰ এতিয়ালৈকে যিমানখিনি জানিলো বিপুল ৰাভাৰ এনেকুৱা কোনো শত্ৰু নাছিল। অফিচৰ ষ্টাফ বা ওচৰ চুবুৰীয়া সকলোৰে লগত তেওঁলোকৰ সম্পৰ্ক যথেষ্ট ভাল আছিল।" শংকৰে উত্তৰ দিলে।
"আচৰিত!! তেন্তে কোনে হত্যা কৰিলে চয়নিকাক? আচ্ছা চয়নিকাৰ কোনোবা বেলেগ ল'ৰাৰ লগত কিবা সম্পৰ্ক? আই মিন এফেয়াৰ।"
"সেই সম্পৰ্কে এতিয়ালৈকে একো জানিব পৰা হোৱা নাই ছাৰ। আই থিংক চয়নিকাৰ ফোনটো খুলিব পাৰিলেই তেনে কিবা ঘটনা আছিল যদি জানিব পাৰিম। ছাৰ কাইলৈ পুৱাৰ ভিতৰত চয়নিকাৰ ফোনটো পোৱা যাব।" শংকৰে উত্তৰ দিলে।
" মে আই কাম ইন ছাৰ।" নবাৰুণ আৰু শংকৰৰ আলোচনাৰ মাজতেই এজন ব্যক্তিয়ে আহি মাত লগালে। বয়স প্ৰায় চল্লিশ বছৰেই হব মানুহজনৰ। মানুহজনৰ চকুহাললৈ লক্ষ্য কৰিলে নবাৰুণে। কিবা এক দূখৰ বাতৰিয়ে যেন তেওঁক কোঙা কৰি পেলাইছে। নবাৰুণৰ সন্মতি লৈ সোমাই আহিল মানুহজন।
"আপুনি?"
"মই চন্দ্ৰ ৰাভা, চয়নিকাৰ ককায়েক। আপুনি কালি ফোন কৰিছিল মোলৈ। এপাক ইয়ালৈ আহি খবৰ দিবলৈ কৈছিল। ভাবিলো আপোনাক নিজেই লগ কৰি আহোগৈ।" মানুহজনে উত্তৰ দিলে।
"ইয়েছ ইয়েছ বহকচোন।" মানুহজনক বহিবলৈ দি কোনোবা এজনক চাহ দুকাপ আনিবলৈ শংকৰক অৰ্ডাৰ দিবলৈ ক'লে নবাৰুণে।
"বহুত মৰমৰ আছিল তাই আমাৰ সৰুৰেপৰাই। নাজানো কোনে কিয় তাইক এনেদৰে...." হুকহুকাই কান্দি দিলে চন্দ্ৰ ৰাভাই।
"আপুনি অলপ ধৈৰ্য ধৰকচোন। আপোনাৰ মনত কিবা সন্দেহ আছে নেকি?কোনে হত্যা কৰিব পাৰে চয়নিকাক?"
"নাজানো, মই জনাত তাইৰ প্ৰতি কাৰোৰে বেয়া ভাব নাছিল।" চন্দ্ৰ ৰাভাই উত্তৰ দিলে।
"বাৰু চয়নিকা বা বিপুলৰ ক্ষেত্ৰত কিবা অস্বাভাৱিকতাৰ কথা লক্ষ্য কৰিছিল নেকি?" নবাৰুণে সুধিলে।
"তেনে কোনো অস্বাভাৱিকতা নাছিল।কিন্তু
কিছুদিনৰ পৰা দুয়োটাৰ মনতো অলপ দূৰ্বল আছিল।" কথাষাৰৰ মাজতে কনিষ্টবল এজনে দুকাপ চাহ দি গ'ল।
"কিন্তু কিয়?"
"আচলতে সিহঁত দুয়োটাই বহু দিনৰে পৰা পৰিয়াল বঢ়োৱাৰ কথা চিন্তা কৰিছিল। কিন্তু সিহঁতে কেইবাবাৰো চেষ্টা কৰিও সুফল নাপায় ডক্টৰৰ ওচৰত চেক আপত গৈছিল।ৰিপৰ্টমতে চয়নিকাৰ ঠিকেই আছিল কিন্তু বিপুলৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল। এই ৰিপৰ্টো পোৱাৰ পৰা বিপুলৰ মনটো কিছু ভাঙি পৰিছিল। এই কথা অৱশ্যে ভন্টীয়ে জনা নাছিল। তাইৰ কিয় মন বেয়া আছিল সেইটোহে নাজানো।" মানুহজনে সংক্ষেপে উত্তৰ দিলে।
"আপোনি সোধা নাছিল?"
"সুধিছিলো কিন্তু তাই একো নক'লে। মইও বৰ বেছি গুৰুত্ব নিদিলো।"
"আচৰিত এই কথা বিপুলে আমাক জনোৱা নাছিল।আপুনি এতিয়া যাওক। আমি এতিয়াই বিপুল ৰাভাক লগ কৰিব লাগিব।মোৰ আন্দাজ ইয়াতে কৰবাত ৰহস্য আছে।" কথাষাৰ কৈয়ে শংকৰক গাড়ী উলিয়াবলৈ দি মানুহজনক বিদায় দিলে নবাৰুণৰ। নবাৰুণৰ নিৰ্দেশত বিপুল ৰাভাৰ ঘৰলৈ গাড়ী পোনালে শংকৰে।
বিপুল ৰাভা ৰ ঘৰ পোৱালৈ সন্ধিয়াই লাগিছিল নবাৰুণহঁতৰ। ৰাভা তেতিয়া ঘৰতে আছিল।নবাৰুণহঁতক দেখি আগুৱাই আহিল বিপুল ৰাভা।
"আহকচোন।" নবাৰুণহঁতক ড্ৰয়িংৰুমতে বহিবলৈ দিলে ৰাভাই।
"আচ্ছা ৰাভা এইকেইদিনতে আপোনালোক মেডিকেলৰ চেক আপত কোনোবা এখন নাৰ্ছিং হমলৈ গৈছিল, নামতো কি আছিল?" পোনচাটেই সুধিলে নবাৰুণে।
" সাধনা নাৰ্চিংহোম।" বুকুখন যেন জিৰককৈ মাৰিলে বিপুলৰ।
" আচ্ছা আমি শুনাত ৰিপৰ্টমতে আপোনাৰ পিতৃ হোৱাৰ ক্ষমতা নাছিল?"
"হয় নাছিল।"কোনোমতে মাতষাৰ উলিয়ালে ৰাভাই
"আপুনি এই কথা আপোনাৰ পত্নীক কিয় জনোৱা নাছিল?" নবাৰুণে প্ৰশ্ন কৰিলে।
"নাই মানে এনেয়েহে........" সেমেনাসেমেন কৰিলে বিপুল ৰাভাই।
"সংসাৰত সুখ-দুখ থাকিব্ই। তাৰ কথা যদি আপুনি আপোনজনৰ আগত নকয় কেনেকৈ হব। নে আপুনি নিজৰ পুৰুষত্বহীনতাৰ কথা লুকুৱাবলৈ গৈ নিজেই আপোনাৰ পত্নীক......" ৰহস্যময়ী হাঁহি এটা মাৰিলে নবাৰুণে।
"হোৱাট আপুনি কৈছে কি? মই চয়নিকাক!! আপুনি নাজানে অফিছাৰ আমি ইজনে আনজনক কিমান ভাল।পাইছিলো। তেওঁক হত্যা, এই কথা মই সপোনতো ভাবিব নোৱাৰো।নে আচল দোষীক ধৰিব নোৱাৰি আপোনালোকে মোকেই অপৰাধী সজোৱাৰ চেষ্টা কৰিছে।" চিঞৰি উঠিল ৰাভাই।
"আচলতে আপুনি লুকুৱাব খোজা কথাটো চয়নিকাই কিবাকৈ জানিছিল।সেইবাবে আপোনাৰ পুৰুষত্বহীনতাৰ কথা সমাজৰ আগত লুকুৱাবলৈ গৈ নিজেই পৰিকল্পিত ভাবে পত্নীক হত্যা কৰিলে।"পুলিচি কায়দাৰে ৰাভাক জব্দ কৰাৰ চেষ্টা কৰিলে নবাৰুণে।
"এইবোৰ আপুনি কৈছে কি?প্লিজ অফিছাৰ বিশ্বাস
কৰক মই তেওঁক কিয় হত্যা কৰিম। তেওঁৰ মৃত্যুৰ সময়ততো মই ঘৰতে নাছিলো।" কথাৰ মাজতে নবাৰুণৰ ফোনটো উচ্চস্বৰত বাজি উঠিল। ফোনটো ৰিচিভ কৰিয়েই মুখখন শেতা পৰি গ'ল নবাৰুণৰ।
"কি হ'ল ছাৰ। কাৰ ফোন?" শংকৰে সুধিলে।
"বিদ্যুতৰ। শংকৰ কমলপুৰৰ পৰা আগলৈ মধুপুৰ টাউনৰ ওচৰৰ এটা ফ্লেটত আকৌ এজনী মহিলাক হত্যা কৰা হৈছে, ডিঙি কাটি। ঠিক চয়নিকাক হত্যা কৰাৰ দৰেই।"
"ছাৰ!!!! " আশ্চৰ্য্যত সকলোৰে মুখখন মেল খাই গ'ল।
(আগলৈ)
খণ্ড ২
https://www.wissenmonk.com/home/writing/thr-ilaar-kaahinii-baayyugr-st-nihntaa