শেষবাৰৰ বাবে সপোন কেতিয়া আৰু কি দেখিছিলো জানো, মনতে নপৰেচোন আজিকালী। সপোন নেদেখা বহু যোগে হ’ল। আগতে চিলমিল আধা কেচা টোপনিতে সপোন দেখিছিলো। শোৱাৰ লগে লগে সপোনৰ নাচোন আৰম্ভ। কি দিন, কি ৰাতি, দেহাটো কাতি কৰিলেই তাক্ ধিনা ধিন্। তাকো এলাপেচা নহয়, একদম কালাৰফুল সপোন আহিছিল। কেতিয়াবা ছুপাৰমেন, ক্ষন্তেকতে উৰি গৈ যত তত পাইছিলো। কেতিয়াবা নিজকে হিন্দী ফিল্মৰ হিৰো হৈ দিপিকা আৰু কেটৰিনা লগত নাচিছিলো, ৰোমান্স কৰিছিলো। কেতিয়াবি নিজকে নৰেন্দ্ৰ মোদি ভাৱি ভাষন দিছিলো "ভাই আৰু বেহেনো, অচ্ছে দিন আনে ৱালে হে" ইত্যাদি ইত্যাদি।
উফ্! ভাবিলেই গাটো একচাইটেদ হৈ যায়, ৰিমঝিমাই যায়। সপোনৰ আমেজে বেলেগ।
আৰু এতিয়া... ৰঙীন বাদ, সপোনৰ নামত কিবা ক’লা-বগা এটাও নেদেখা হলো। ইচ্ছা কৰিলেই যে সপোন দেখিব নোৱাৰি।
তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ওলাল ক’ৰ’না। দিনৰ ১২ বজাতে ঘৰত সোমাই শুই-বহি থকাৰ বাদে কৰিবলৈ একোডাল কাম নাথাকে। ধুনীয়া ধুনীয়া সপোন দেখিলেও শুই থাকিবলৈ মজা। কেতিয়াবা ভাবো, সপোন দেখাৰো চাগৈ কিবা নিৰ্দিষ্ট বয়স আছে। চাকৰি আবেদন কৰাৰ উৰ্ধতম বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিয়া নিচিনাকৈ ভগৱানেও এটা বয়সৰ ডেওনা পাৰ কৰা পিছত নিদ্ৰাত ভুমুকি নামাৰিবলৈ কিজানি সপোনক সকীয়াই থৈছে নেকি।
মোৰ বাবে “সপোন”, হেজাৰ অনুভূতিৰে আৱৰি ৰখা এটা মায়াময় শব্দ, এটি ছন্দোময় আৱেগ।
সপোন উভতি অহাৰ অপেক্ষাত।