হঠাৎ জোৰেৰে ব্ৰেক মাৰি গাড়ীএখন মানুহগৰাকীৰ সন্মূখত ৰৈ গ'ল।
লগে লগে মহিলাগৰাকী থমকি ৰʼল।
গাড়ীৰ গাৰ্লচখন খুলি ব্যক্তিজনে ক'লে, হাই!
অʼ, তই! ভয় খোৱাই মাৰিবিদেই, বহুত দিনৰ মুৰত দেখিলোঁ, ইমান দিন ক'ত আছিলি?
ইমানবোৰ প্ৰশ্ন ইয়াতে সুধিবি নে? আহ, গাড়ীত বহি ল, সকলো উত্তৰ দিম।
থিক আছে।
অধীৰ- বাকি তই ক' কেনে আছ'? মানু্হজনৰ খবৰ কি?
- মই দিল্লীৰ পৰা আহি তেখেতৰ লগত মাৰ ঘৰলৈ আহিছোঁ। এতিয়া তই ক' কেনে আছ'?
অধীৰ- মোৰ সেই একেই আৰু বিজনেচৰ কাম চলি আছে, বিয়াখন হে বাকী আছে। আৰু তই পৰিয়াল পৰিকল্পনা কৰিছ নে?
- নাই নাই, সেইবোৰলৈ সময় আছে।
অধীৰ- বাকী, তাইৰ খবৰ কচোন?
-তই আজিও ৰৈ আছ' নে..কথা পাত'?
অধীৰ- নাই অ'।
-মোৰো কথা-বতৰা হোৱা নাই তাইৰ লগত বহুত দিন। বিয়া পাতিলে চাগৈ, তাইৰ বিষয়ে বিশেষ একো নাজানো।
অধীৰ- উম!
-কিছুমান বস্তু হেৰাই যায়, কিছুমান আত্মীয় সম্পৰ্ক বা জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বন্ধুত্বও চিৰদিনলৈ নাথাকে। আমি বহুত দুখ কৰোঁ কিন্তু আমি চাগৈ সময়ত ঠিক কৰিবলৈ চেষ্টাই নকৰোঁ মাথোঁ নীৰৱ হৈ ৰৈ যাওঁ। পৰিস্থিতিয়ে আমাক হয়টো বাধ্য কৰায়।
অধীৰ- হব! তই ছিৰিয়াচ হৈ গ'লি।
-মই ছোৱালী এজনী চাই দিম দে, বিয়াখন পতিবি মইও আহিম এওঁৰ লগত।
অধীৰ- আঁছে আৰু দুবছৰমান। তই ও মেডাম হৈ ল' নহয়জানো ড° অপৰাজিতা দাস।
-হাহা হাহা (হাহিঁ) হয় দেই! আমি কিমান আগবাঢ়ি গ'লো কিন্তু আজিও আমি নিজক সময় দিব নোৱাৰোঁ। তেওঁ নিজৰ কামত যোৰহাটত থাকে আৰু মই দিল্লীত।
অধীৰ- সময় দিবলৈ আকৌ জীৱন যে ৰৈ নাথাকে, থাকিব লাগে আমিবোৰ, কʼৰবাত জিৰাই চাহ একাপ খাই লবি, সেয়াই জীৱন আৰু বুজিছ'।
-আচলতে জীৱনত কি লাগে জান'? ধৈৰ্য্য, তোৰ মনত আছেনে চতুৰ্থ শ্ৰেণীৰ কথাটো...?মেট্ৰিক পাছ কৰি তোক আকৌ লগ পাওঁতেও কিমান যে সৰু আছিলোঁ আমি; আৰু এতিয়া তই বিয়াৰ কথা আৰু মই সংসাৰ কেৰিয়াৰ এইবোৰত ব্যস্ত, কি যে জীৱন।
অধীৰ- সঁচাকৈ।
-আৰু তই যে মোক এটা সময়ত সহায় কৰিছিলি তাৰবাবে তোক আজিও বহুত ধন্যবাদ।
আগলৈ
অধীৰ- সেয়াই আৰু! আমি জীৱনৰ ৰঙীন সপোনৰ ৰামধেনুত ওমলি আছিলো লাহে লাহে ধুমুহাই সকলো উৰুৱাই লৈ গ'ল। আজি তাই চাগৈ ভালে আছে।
-আছে দে ভালে।
অধীৰ- কোন ফালে? তোৰ বিয়াতেই অহা নহয়, পাহৰিয়ে গ'লো।
-ৰাইট টাৰ্ন।
অধীৰ- তই ঘৰ পালিহি।
-আহ! চাহ একাপ খাই যাবি।
অধীৰ- আজি নালাগে দে, বেলেগ এদিন আহিম।
-বিয়াৰ পিছত তই অহা নাই এবাৰো, মায়েও সুধি থাকে তোৰ কথা। আকৌ, তই বা কেতিয়া ডিব্ৰুগড় পৰা আহিবি আমিও বেছি দিন তিনিচুকীয়াত নাথাকো।
তোৰ উঠিব হোৱাই নাই নে? কিমান দেৰি নোশোৱ আৰু ঐ ছোৱালী। চাহ বনাই থৈছোঁ। মাকৰ মাতত অপৰজিতা সাৰ পাই গʼল।
Edited by Babli Dutta especial thanks for helping 💓