#ৰহস্য_কাহিনী
#কলংকিত_অধ্যায়
✍️তুষাৰ ৰঞ্জন
(১)
সন্ধ্যা চাহ কাপ হাতত লৈ নিউজ পেপাৰখনত চকু ফুৰোৱাতো প্ৰফেছৰ অমল কৃষ্ণ শৰ্মাৰ নিত্যনৈমিত্তিক অভ্যাস। সন্ধ্যাৰ পৰা ভাত খোৱা সময়লৈকে ৰিডিং ৰুমটোতে পাৰ কৰে তেওঁ। সেইসময়কণত বেলেগে ডিষ্টাৰ্ব দিয়াটো একেবাৰে ভাল নাপায় তেওঁ।অমল কৃষ্ণ শৰ্মা স্থানীয় ইউনিভাৰ্ছিটিখনৰ এজন নাম জ্বলা অধ্যাপক। বিশেষকৈ তেওঁৰ শিক্ষণশৈলী আৰু ষ্টুডেন্ট ফ্ৰেণ্ডলী বিহেভিয়াৰৰ বাবে ইউনিভাৰ্ছিটিৰ ষ্টুডেন্টৰ মাজত শৰ্মা বেছ পপুলাৰ ।পত্নী আৰু পুত্ৰৰে তিনিজনীয়া সংসাৰ তেওঁৰ।পত্নী নিবেদিতা এগৰাকী নাম থকা লেখিকা। চাহৰ কাপটো শৰ্মালৈ আগবঢ়াই নিজৰ কাপটো হাতত লৈ কাষৰ চোফাখনতে বহিল পত্নী নিবেদিতা।
"ই বাবা কেতিয়া পাবহি। ফোন কৰিছিল নেকি?"পেপাৰৰ পৰা মূৰ নোতোলাকৈয়ে সুধিলে শৰ্মাই।
"নাই তাৰ ট্ৰেইন ৭ ঘন্টা লেট। ৰাতিপুৱাব চাগৈ সি আহি পোৱালৈ।" মেগাজিন এখন হাতত তুলি লৈ লাহেকৈ উত্তৰ দিলে নিবেদিতাই।
"ঠিক আছে ষ্টেছন পোৱাৰ আধা ঘন্টামান আগত তাক কল কৰিবলৈ কবা। মিছামিছি ট্ৰেইনত আহি টাইম লছ কৰিছে।"
ৰিয়ান, শৰ্মা আৰু নিবেদিতাৰ একমাত্ৰ সন্তান।বৰ্তমান অসমৰ বাহিৰত অধ্যয়নৰত। দিল্লীৰ আগশাৰীৰ কলেজ এখনৰ বায়টেকন'লজীৰ ছাত্ৰ ৰিয়ান। ছেমিষ্টাৰ শেষ কৰি এইবাৰ সৰহ দিন থকাকৈ আহিছে ৰিয়ান। অৱশ্যে প্ৰায়ে সি ফ্লাইটতে ঘৰলৈ আহে যদিও এইবাৰ কিনো মন গ'ল সি ট্ৰেইনত অহাৰ সিদ্ধান্ত ল'লে। সৰুৰে পৰা ঘৰৰ বাহিৰত থাকি পঢ়া ল'ৰা। সেয়হে ৰিয়ান ঘৰলৈ আহিলে পতি পত্নী দুয়ো কৰ্মব্যস্ততাৰ মাজতো সেইকেইদিন পুতেকক লৈ ব্যস্ত হৈ পৰে।
নীৰৱতাখিনি ভংগ কৰি শৰ্মাৰ ছেলুলাৰটোৱে উচ্চ স্বৰত চিঞঁৰি উঠিল। আন্ নউন নাম্বাৰ। বিশেষ চিন্তা নকৰি শৰ্মাই সহাৰি জনালে।
"হেল্ল' কোনে কৈছে।"
"কোনে কৈছো, কৰ পৰা কৈছো সেইটো ইম্পৰটেন্ট কথা নহয় প্ৰফেছাৰ। কিয় ফোন কৰিছো সেইটোহে ইম্পৰটেন্ট।"অচিনাকি কণ্ঠস্বৰ ভাহি আহিল।
"কি কব লগা আছে সোনকালে কওক। মই মানুহটো এনেও বিজি।"প্ৰফেছাৰে বিৰক্তিৰে কলে।
"জানো জানো প্ৰফেচৰ আপুনি বহুত বিজি মানুহ। কাৰণ ক্লাচৰ বাহিৰেও কলেজৰ ধুনীয়া ধুনীয়া ছোৱালীৰ লগত ৰেষ্টুৰেন্ট, হোটেলত সময় কটোৱা; এইবোৰ কামো আপোনাৰ নাথাকে জানো।" সিফালৰ পৰা তাচ্ছিল্যৰ সূৰ ভাহি আহিল।
"হোৱাট ননচেন্স!! কোনে অসভ্যালি কৰিছে এইবোৰ। কলেজৰ কোনোবা ষ্টুডেন্টে যদি এইটো কাম কৰিছ নহয়...."। প্ৰফেছাৰ শৰ্মা ৰিডিং ৰূমৰ পৰা পোনচাটেই বেলকনিলৈ ওলাই আহিল।
"ৰব নিচিঞৰিব। হা:হা: ক্লাচত খুব প্ৰশ্ন সোধাৰ অভ্যাস ন আপোনাৰ। কিন্তু আজি প্ৰশ্ন মই কৰিম, আপুনি মাত্ৰ উত্তৰ দিব। নেহাৰ লগত আপোনাৰ কি সম্পৰ্ক?" শৰ্মাই যিমান জোৰেৰে কথাখিনি কৈছিল তাতকৈও উচ্চ স্বৰত গৰজি উঠিল অচিনাকী কণ্ঠস্বৰ।
"কোন নেহা?"
"বাহ সুন্দৰ এক্টিংচোন আপোনাৰ। নিজৰ ষ্টুডেন্টকো এতিয়া চিনি নোপোৱা হ'ল। আপোনাৰ ডিপাৰ্টমেন্টৰ ষ্টুডেন্ট নেহা। কিয় আপুনিটো তাইৰ ৰিছাৰ্ছ গাইড। তাইৰ নামো পাহৰিব লাগেনে?" অচিনাক্ত ই ঠাট্টাৰ হাঁহি এটা মাৰি কলে।
"অ য়েচ নেহা নেহা। মনত পৰিছে হয়।" শৰ্মাই কোনোমতে মাততো উলিয়ালে।
"ষ্টুডেন্টক পঢ়ুৱাৰ নামত আপুনি এইবোৰেই কৰে নেকি প্ৰফেছাৰ? শুনিছো নেহাৰ লগত বোলে আপোনাৰ কেমেষ্ট্ৰিৰ বৰ ধুনীয়া ধুনীয়া ৰিয়েকচনৰ প্ৰেক্টিকেল চলিছে?ক্লাচতকৈ হেনো হোটেলৰ কোঠাতহে আপোনালোকৰ ৰিছাৰ্ছ টপিকৰ ডিছকাছন চ'লে?"
"মিছা কথা। এইবোৰ কোনোবাই মনে সজা কাহিনী। মোক বদনাম কৰাৰ ষড়যন্ত্ৰ চলিছে এইবোৰ।" অমলকৃষ্ণ শৰ্মা গৰজি উঠিল।
"বেছি চিঞৰি নেদেখুৱাব। আপোনাৰ আৰু নেহাৰ মধুৰ মধুৰ সময়ৰ সকলোবোৰ ফটো মোৰ লগত বৰ্তমান।"অচিনাক্ত ই খংত কলে।
"কিন্তু এইবোৰ আপুনি........" শৰ্মাই সেপঢুকি কোনোমতেহে মাতটো উলিয়ালে।
"কৈছোৱেই নহয় আজি প্ৰশ্ন মই কৰিম। আপুনি মাত্ৰ উত্তৰ দিব। প্ৰমান চাব বিছাৰে যদি এখন আপোনাৰ পত্নী লৈও চেন্দ কৰো।"
"নাই নাই প্লিজ। এইবিলাক নকৰিব।মোৰ সন্মান, ষ্টেটাছ এইবোৰ শেষ কৰি নেপেলাব।ইয়াৰ বিনিময়ত যি বিছাৰে তাকে দিবলৈ ৰাজি আছো মই।" প্ৰফেছৰৰ মাতটো কৰুণ হৈ উঠিল।
"গুড, এতিয়াহে লাইনত আহিছে। শুনক আঠ বজাত হাইৱেৰ কাষৰ শিব মন্দিৰটোৰ পৰা ১০০ মিটাৰ আঁতৰত আপোনালৈ অপেক্ষা কৰিম। অৰিজিনেল ফল্ডাৰটো পেন ড্ৰাইভ এটাত পাই যাব। আৰু তাৰ বাবে মাত্ৰ ৫ লাখ টকা। আৰু শুনক দৰ দাম কৰাৰ অভ্যাস মোৰ সৰুৰে পৰাই নাই।গতিকে পাচ লাখ মানে পাচ লাখ। ন বাৰ্গেইনিং।''
"কিন্তু পইছা দিয়াৰ পাছতো যদি......."
"নিখম হাৰামি কৰাৰ অভ্যাস মোৰ নাই। ৮ বজাত আপুনি অৰিজিনেল ফল্ডাৰটো পাই যাব। কিন্তু সাবধান চালাকি খটুৱাবলৈ চেষ্টা নকৰিব। নহলে কাইলৈ পুৱা ইউনিভাৰছিটিৰ ৱালে ৱালে আপোনাৰ গোপন ফটোবোৰ দেখিবলৈ পাব।" শৰ্মাক আৰু কোৱাৰ সুযোগ নিদি আচিনাক্ত ই ফোনৰ সংযোগ বিছিন্ন কৰিলে।
হুমুনিয়াহ এটা ওলাই আহিল শৰ্মাৰ মুখেৰে। নেহা তেওঁৰ ষ্টুডেন্ট। কি সুন্দৰ ৰূপ, ভৰ যৌৱনা, ঘন কেঁকোৰা ছুলিটাৰি,কাজল সনা দুচকু, লাৱনী হাঁহি। প্ৰফেছাৰ মুগ্ধ হৈ গৈছিল তাইৰ সৌন্দৰ্যত। তেওঁৰ ডিপাৰ্টমেন্টৰ অফিচ ৰূমত, কেন্টিনত প্ৰায়ে ৰিছাৰ্ছৰ ডিচকাছনৰ অজুহাতত লগ হৈছিল দুয়ো। লাহে লাহে কাষ চাপিছিল দুয়ো দুয়োৰে। পাহৰি পেলাইছিল তেওঁ, তেওঁৰ যে এখন ঘৰ আছে, এখন সংসাৰ আছে। সকলো পাহৰি দুয়ো একাত্ম হৈ গৈছিল, পাৰ কৰিছিল বহুতো নিশা কোনো অজ্ঞাত হোটেলৰ কোঠাত।
প্ৰফেছৰ যথেষ্ট সতৰ্ক আছিল এই ক্ষেত্ৰত। যথেষ্ট সাবধানতাৰে এই ক্ষেত্ৰত আগবাঢ়িছিল তেওঁ। তাৰ পিছতো? ঘড়ীটোলৈ চালে তেওঁ। ৭ বাজি পোন্ধৰ মিনিট। বাথৰূমত মুখ খন ধুই ললে তেওঁ। সাধাৰণতে সন্ধিয়া তেওঁ বিশেষ দৰকাৰ নহ'লে কলৈকো নাযায়। ছাৰ্ট পেন্ট পিন্ধা দেখি পত্নী নিবেদিতা অলপ আচৰিত হ'ল।
" কোনফালে যোৱা এই সময়ত।" নিবেদিতাই আচৰিত হৈ সুধিলে।
"ইম্পৰটেন্ট কাম এটা ওলালে। পটকৈ টাউনৰ পৰা আহিব লাগে।মই ঘূৰি আহি কৈ আছো তোমাক।" শৰ্মাই হাতসৰা মনোভাবেৰে উত্তৰ দিলে।
"এই ৰাতিখন কি ইম্পৰটেন্ট কাম ওলাল। ফোনটো কোনে কৰিছিল?" নিবেদিতাই যেন বিশ্বাস কৰিবলৈ টান পালে।
"কৈছো নহয় ঘুৰি আহি সকলো কম বুলি। এতিয়া মোৰ দেৰি হৈছে।মোৰ অলপ টাইম লাগিব পাৰে।তুমি ডিনাৰ কৰি শুই যাবা।হৰক কৈ থবা মোৰ কাৰণে ৰেডি কৰি ৰাখিবলৈ।" পত্নীক আৰু সুধিবলৈ সুযোগ নিদিলে শৰ্মাই। চুটকেছটো হাতত লৈ তেওঁ গেৰেজলৈ আগবাঢ়িল। নিবেদিতাই আৰু কিবা কিবি কৈছিল, তেওঁৰ কাণত নোসোমাল। গাড়ী স্টাৰ্ট কৰি হাইৱে অভিমুখে গাড়ী পোনাই দিলে তেওঁ। নিশাৰ আন্ধাৰ ফালি আগবাঢ়িল তেওঁৰ ব্লেক কালাৰৰ বেলেন'খন।
(আগলৈ)
Nice read.Eagerly waiting for next part.