আচলতে কি জানা? মৰমৰ পৰিভাষা দিয়াটো তেনেই জটিল আৰু শব্দ পৰিকল্পনা কৰি কবিতাৰ আকৃতি দিয়া মোৰ বিশেষ জ্ঞান নাই তথাপিও, আবেগ বোৰে বুকুত হেঁচা মাৰি প্ৰশ্ন উৎপন্ন কৰি দিয়ে, মৰমৰ নো হয় কি? প্ৰথম থিয় হওঁতে দেউতাৰ হাঁহিটো মৰম নহয় জানো উজাগৰি নিশা শুবলৈ মায়ে নিচুকুৱা বোৰে জানো মৰম নহয় শৈশৱৰ ধেমালি টো যেন মৰম কাৰোবাৰ ওঁঠত মিচিকি়ায়া হাঁহিটিও যেন মৰম সঁচাকৈ, মৰমৰ পৰিভাষা নাই যেন শৰতৰ লগত শেৱালী, বহাগৰ লগত কুলি বতাহ জাকে চুই যোৱা সুৰসুৰণি সাগৰ ধৌ বোৰটো বুৰবুৰণি মৰম জানো নহয় প্ৰকৃতিৰ আন এটা নাম আপোন বোৰৰ লগত বিলিন হোৱা এটি সুৰ তাল মৰম এটি অন্তহীন যাত্ৰা নিসংগতা বোৰৰ লগত কেতিয়াবা প্ৰেম কৰি পাইছা? কৰি চাবা! সেয়াও পৰ নহয়, নে! ক'ৰবাত আকৌ হেৰাই গ'ল সেই মৰম? আচলতে কি জানা, মৰমৰ পৰিভাষা কৰাটোয়ে টান।

One of the best I read in a long time. Very very thoughtful and intriguing.
Khub dhuniya!