
তাহানিৰ শৰতও একে আজিৰ দৰে,
শেৱালীয়ে আজি ও শৰৎৰ বাট চাই।
মাথোঁ সলনি হৈছোঁ মই,
এতিয়া শেৱালী ফুলৰ মালা পিন্ধিব মন নাজাই,
মন আৰু নাজাই প্ৰতিশ্ৰুতি বোৰক বিশ্বাস কৰিবলৈ,
কিছুমান অপ্ৰকাশিত অনুভূতি লিখিত ভাষাত ৰৈ আছে।
শৰতে আজি মিঠা হাঁহি মাৰে মোৰে মাতত,
কিন্তু শৰতে যে নাজানে মই ও বাট চাও তেওঁৰ পৰশত!
আজি যদিও জানো শেৱালীয়ে কিয় বাট চাই শৰতক?
শৰতেও জানিব লাগে মই কিয় বাদ চাও তেওঁক!