জীৱন আৰু ব্যস্ততা ইটোৰ লগত সিটোৰ এৰাব নোৱাৰা সম্পৰ্ক আৰু সময় দুয়োটাৰে মাজৰ যোগসূত্ৰ৷ এডাল সাঁকোৰ দৰে ৷ এই সাঁকোৱেদি বগুৱাই আমি প্ৰত্যেকেই জীৱনৰ পাছত দৌৰিছোঁ ৷ সেই দৌৰত সমতা ৰক্ষা কৰিবলৈ যাওঁতে সময়বোৰ বৰ ব্যস্ততাপূৰ্ণভাৱে অতিবাহিত কৰিবলগীয়া হৈছে ফলত আমি আবদ্ধ হৈ পৰিছোঁ এটা বৃত্তৰ মাজত ৷
আজিৰ পৃথিৱীত সকলো ব্যস্ত নিজৰ কেৰিয়াৰ অথবা নিজ নিজ আকাংক্ষাসমূহ পূৰণ কৰাৰ স্বাৰ্থক লৈ৷ নিজৰ পৰিয়ালৰ বাহিৰে কাৰো আহৰি নাই আনৰ কথা ভাবিবলৈ অথবা আনক সহায় কৰিবলৈ৷ আবেগ-অনুভূতিসমূহ যেন জড়তালৈ ৰূপান্তৰিত হৈছে৷ আমি সকলো দৌৰিছোঁ কেৱল সাফল্য তথা বস্তুবাদী জীৱনৰ দিশে৷
এটা কথা ঠিক যে অত্যধিক উচ্চাকাংক্ষা তথা বস্তুবাদী চিন্তা-ধাৰাই মানুহৰ মন আৰু মানসিকতাৰ পৰিৱৰ্তন আনে৷ আমি যেন সকলোবোৰ যান্ত্ৰিক হৈ পৰিছোঁ৷ হেৰাই গৈছে মানৱতা আমাৰ মাজৰ পৰা৷ পাহৰি গৈছোঁ আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অনুভৱবোৰৰ কথা৷ পাহৰি গৈছোঁ আত্মীয় সম্পৰ্কবোৰৰ কথা৷ জীৱনৰ প্ৰতিটো ক্ষণৰ সুখ, আনন্দবোৰ হেৰুৱাই পেলাইছোঁ এই অকাৰণ ব্যস্ততাৰ বাবে৷ প্ৰথমতে আমি মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত৷ জীৱন বৰ অনুপম৷ আচলতে অনুভৱ আৰু উপলব্ধিয়ে জীৱনটোক অধিক মোহনীয় কৰি তোলে৷ আজিৰ প্ৰজন্মৰ বহুতেই জীৱনৰ অৰ্থ উপলব্ধি কৰিব নিবিচাৰে৷ তেওঁলোকৰ বাবে জীৱনটো কেৱল বাহ্যিকতাৰ জোখ-মাখ মাত্ৰ৷
সময় বৰ মূল্যৱান৷ ই এনে এক সম্পদ যাক এবাৰ হেৰুৱালে পুনৰ ঘূৰাই পাব নোৱাৰি৷ প্ৰকৃততে জীৱন সময় নামৰ ধাতুৰে নিৰ্মিত৷ গতিকে আমি সময়ৰো অপচয় কৰিব নোৱাৰোঁ৷ বহু ভাল লগা কাম কেতিয়াবা সময়ৰ অভাৱত কৰিব নোৱাৰা হৈছোঁ৷ কিয় আমি ব্যস্ততাৰ মাজতে সুৰুঙা উলিয়াই নিজকে জী’বলৈ শিকা নাই? পাহৰি গৈছোঁ ফুল, তৰা, পখিলাৰ কথা৷ আচলতে এই ব্যস্ততাৰ মাজতে জীৱনটো সুন্দৰভাৱে আগুৱাই নিব পৰাটো এটা কলা৷
এটা কথা ঠিক যে প্ৰকৃতিৰ স’তে আত্মীয়তাই মানুহৰ মন পবিত্ৰ আৰু প্ৰফুল্ল কৰে৷ আচলতে আমি সৰু সৰু কামবোৰৰ মাজত সুখ আৰু আনন্দ বিচাৰিব জানিব লাগিব৷ প্ৰাৰ্থনা আৰু প্ৰকৃতিৰ স’তে আত্মীয়তাই মন লৈ আত্মবিশ্বাস কঢ়িয়াই আনে৷ আধ্যাত্মিক ভাৱে চহকী কৰে মন৷ আচলতে এটা ভাল ঘৰ, উচ্চ পদবীৰ এটা চাকৰি, দামী গাড়ী, অত্যাধুনিক জীৱনশৈলীৰ প্ৰতি সকলো মানুহৰে আকৰ্ষণ আছে আৰু এইবোৰ আহৰণ কৰিবলৈ মানুহে অহৰহ প্ৰচেষ্টা চলাই আহিছে ফলস্বৰূপে মানুহে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছে ফলত মনত ঈৰ্ষা স্থান পাইছে ৷ সেয়ে মানুহৰ মনবোৰ সংকুচিত আৰু হিংসুক, উগ্ৰ প্ৰকৃতিৰ হৈ পৰিছে ৷ সহনশীলতা, ধৈৰ্য্য, মানবীয়তা আদিৰ দৰে গুণবোৰ লাহে লাহে লোপ পাৱলৈ ধৰিছে ৷ আচলতে সকলোবোৰ যান্ত্ৰিকতাৰ কৰালত গ্ৰাস হৈছে ৷ আকৌ অত্যধিক বিলাসপ্ৰিয় স্বভাৱৰ প্ৰৱণতাই যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে৷ আচলতে বিভিন্ন ধৰণৰ অপৰাধ জনিত ঘটনা সংঘটিত হৱলৈ ধৰিছে । অত্যধিক ব্যস্ততাই মানুহৰ মনবোৰ কোঙা কৰি পেলায় ৷ সেয়ে আমি আমাৰ প্ৰিয় সময়খিনি পৰিয়াল তথা আত্মীয়-স্বজনৰ স’তে কটাবলৈ চেষ্টা কৰা উচিত ৷
মানুহ আশাবাদী৷ সেয়েহে ব্যস্ততাই কোঙা কৰিলেও সুখৰ পাছৰ দুখখিনিৰ কথা নাভাবি দুখৰ পাছত লাভ কৰা সুখখিনিৰ কথাহে ভাবিব লাগে৷ এনে মনোভাৱে মানুহৰ মন পুলকিত আৰু আনন্দিত কৰাৰ লগতে হতাশা আৰু দু:চিন্তাক মষিমূৰ কৰিব পাৰে ৷