ৰাতিপুৱা অলপ ওলাই গৈছিলো
ওলাই যাব লগা হল
অলপ দূৰ খোজকাঢ়ি
বেগ টো খুলি চালোঁ
পানী বোটল লোৱা হৈছে
কিন্তু খাবলৈ একো লোৱা নহল
বাছত উঠি বহিলোঁ
বহু দূৰ যাব লাগিব
কিন্তু বাছত নহয়
বাছত অকণমান গৈছিলো
আৰু অকণমান খোজকাঢ়ি
এখন যাত্ৰাৰ গৰী ৰৈ আছিল
যেনে মোৰ বাবে ৰৈ আছিল
মোক মাতি লৈ
অলপ জেগা দি বহালে
হাঠি টকা নে সত্তৰ
অলপতেই মানুহৰ কাজিয়া
কিবাকে ভৰি জাপি বহি গৈ আছিলোঁ
ৰৈ ৰৈ আমি গৈ আছিলোঁ
কেইটামান ইয়াৰ পৰা
আৰু কেইটা পাম্পত উঠুৱা
আমাৰ লগত বহুত মানুহ বহিলে
থিয় হোৱাৰ যেগা কমিলে
কেতিয়াবা যেন লাগে
এই চাৰিচকীয়া খন মুৰেই চাগে
কিন্তু ময়ে কিবাকে বহি আছিলোঁ
অলপ ইফাল সিফাল কৰি গৈ আছিলোঁ
"বাইদেউ আপুনি বহক"
"মোৰ টো অভ্যাস হল ভাইটি
সদায় গৈ বিদ্যালয় ময়েই খুলো
সৰু সৰু শিশু
মোৰ আশাত ৰৈ থাকে"
মনত বহুত প্ৰশ্ন
কিন্তু মই ৰাস্তাৰ ফালে চাই চাই
মনে মনে বহি আছিলোঁ
অলপ ইফাল সিফাল কৰি গৈ আছিলোঁ
আই মাতৃৰ সংসাৰ
গাঁৱত বান্ধি থোৱা ভেটিৰে
চলিছে মহানগৰৰ পাকঘৰ
সদাই জুইত খোজকাঢ়ি
কি ৰ'দ , কি বৰষুণ
এই চাৰিচকীয়াত বহি
চালক জন চিনাকি
বহি বহি ভাবি আছিলোঁ
অলপ ইফাল সিফাল কৰি গৈ আছিলোঁ
মনত কবিতা গঢ়ি থাকোঁতে
ডেৰ ঘণ্টা হৈ গল
কেইটা পইচা কম দি নামি গলো
হজাৰৰ হাজিৰা
এশ টকা ভাৰা
কি কিনিম, কি খাম
বেলেগৰ পিছত ভাবিম
অলপ মাহেকীয়া হিচাব মিলালো
খোজকাঢ়ি আৰু অলপ আগত গৈ আছিলোঁ
ৰেল গেট পৰি আছিল
পাৰ কৰি হুমালো
ছব কথা বাদ দি
কাম কৰি ফুৰিলো
আকৌ যেতিয়া গধূলি
সেই মানুহ কেইজনক লগ পাম
তেতিয়া ভাবিম বুলি চাহ এক কাপ খাই আছিলোঁ
চাৰি ফালে ৰাজনীতিৰ কাগজৰ মাজে মাজে
অলপ কাম কৰি আৰাম কৰি আছিলোঁ
এদিন ৰাতিপুৱা ঘৰৰ এখাজ
আৰু এদিন বাহিৰত পৰথা প্যাজ
এনেদৰে দিন কেইটা পাৰ কৰে
কি প্ৰফেছৰ, কি লবৌৰ
চবৰে দিন টো চাই ভাবো
গাড়ীত ৰামধেনু যেন পৰে
গধূলি ঘৰ গৈ পাওঁতে
কি কিনিব আছিল পাহৰি থাকিলো
অলপ বাছত, অলপ খোজকাঢ়ি ঘৰ গৈ আছিলোঁ
সন্ধিয়া ফোন আহিল
"ৰাতি তোমাৰ কি প্লান?"
"ভাগৰি থাকিলে বন্ধু
ৰবিবাৰে কিবা জনাম" কৈ পিনে
ফোন থৈ আকৌ চাহ এক কাপ খাই আছিলোঁ
বহু আড্ডা, বহু কাহিনী
চাৰিচকীয়াৰ হেই জীৱনী
কাইলৈ আকৌ চাৰিচকীয়াত বহিম ভাবি
বিছনাত হুব গৈ টোপনি অহা নাই
অলপ ইফাল সিফাল কৰি গৈ আছিলোঁ ।
~ Snehal Deb
My first poem in Assamese.
Proofreading & editing : Amrita Borah
First Assamese poem hisape thike ase. Aru likhi jua. Improvement hoi thakibo.
Beautiful thoughts framed in Assamese, Snehal. Keep going.