এনেকুৱা কি আছিল তোমাৰ আৰু মোৰ মাজত?
আজিও মই মাজ নিশা ভাবিছোঁ তোমাৰ কথা।
অন্ধকাৰ যেন প্ৰথম নামিছে,
জোনাকী পৰুৱাৰ জোনাক যেন কাঢ়ি নিলে।
পূৰ্ণিমা আজি বহু দিন দেখা নাই
ফাগুনে আমনি কৰা নাই
বহাগৰ ৰং এইবাৰ বগা।
যেন কাৰোবাৰ মৃত্যু,
যেন ময়ে মৃত।
কি এয়া উষ্ৰিংখলতা
কি এয়া কোলাহল।
কি এয় মায়া।
বুজা নুবুজা বহুত কথাৰ মাজত আজি বন্দী হৈ আছোঁ।
কিমান ভাল পোৱা জানো অধিক ভাল পোৱা?
জোনাক যেন আৰু নেদেখোঁ কেতিয়াও,
অমানিশা মোৰ আপোন।
বেদনাৰ এই কবিতা মোৰ,
জানো তুমি বুজিবা?
নেহা ভৰালী। 🌻
( বিশাল প্ৰ্থীবিত তুমি কিমান বিশাল?)
Wow! This was beautiful