যোৱাৰাতি অথবা ৰাতিপুৱা
এজাক ধাৰাষাৰ বৰষুণ পৰিছিল
ৰদ জিলমিল পাতবোৰ তাৰ সাক্ষী
চিকুণ বনবোৰ, বাটবোৰ তাৰ সাক্ষী
বহুদিনৰ পাছত উভতি আহিছো আজি
সেমেকা বকুলৰ তলেদি
পাতবোৰ এতিয়াও টুকি আছে চকুলো
ভাৱিলো,
আপোনৰো আপোন বুলিবলে'
মোৰ আছেনো কি
বিমূৰ্ত কিছু পল, কিছু স্মৃতি
নিৰ্লজ্জ কিছু আৱেগ
সমাপ্তিহীন বাক্বিতন্দা
অজানিতে দুটোপাল চকুলো পৰিলহি কোলাত
হুৰাই দিলো
যা: দূৰলৈ যা
সময়ে অসময়ে আহি কিয় দিয় দুখ