কলেজৰ শেষ পুৱাৰ তৃতীয় ভাগৰ পৰা সকলোৰে স্মৃতি বোটলি বোটলি তোমাৰ হাতত শেষত তুলি দিছিলোঁ মোৰ মটিয়া ৰঙৰ সোঁৱৰণিৰ ৰোল পৰা চাৰিচুকীয়া মুঠাতো📒 তুমি ক'লা-" তোমাৰ বিষয়ে বহুত আছে এতিয়ায়ে লিখি দিব নোৱাৰোঁ সময় লাগিব" মই কলো- " বাঃ! মই ইমান স্পেচিয়েল নেকি? ইমানবোৰ লিখিবা!.….. এতিয়ায়ে অলপমান কৈ দিয়া, মোৰ বিৰাট জানিবলৈ মন গৈছে...." 😌 তুমি - " ঠিক এক সপ্তাহৰ পিছত দি আঁছো " মই - "মোৰ কাৰনে কবিতা লিখিবা হা! মই কবিতা লিখিব নাজানো, তুমি বহুত ভাল লিখা... কবিতা লিখিলে বেছি ভাল পাম... 😝" হিংসাকুৰীয়া ঘড়ীৰ কাঁটায়েতো নিজক জয়ী ঘোষণা কৰি দিলে এবাৰো সুধিবলৈ সুবিধা নিদিলে
অাৰু সময় কিমান??? ৰোল পৰা কাগজ কেইখিলা উৰাজাহাজ✈️ হৈ উৰি গ'ল নেকি তোমাৰ দেশলৈ? নে ভূল ঠিকনাত পোষ্ট কৰিলা? 📮 একোকে নজনালা..... 😑 বন্ধুত্ব অাৰু প্ৰেম দুয়োৰে তত্ব গভীৰতাৰে বুজাইছিলা তুমি বন্ধুত্ব হেৰাই যোৱাৰ ভয় নাথাকে কিন্তু প্ৰেমৰ থাকে... সেই বাবেই হয়তো মই তোমাক লৈ বৰ অহংকাৰী হৈ পৰিছিলোঁ আৰু অভিমানীও... 😔 জানিছিলোঁ তুমি হেৰাই নোযোৱা বুলি "সপোন ভঙাতো চিৰসত্য, কিন্তু প্ৰতি ভঙা টুকুৰা জোৰাই সপোন বাৰে বাৰে ৰচাৰ সমান সাহস নাই.."✊🤝 তোমাৰ অহৰহ এই বাক্য মোৰ বাবে আছিল সবলতা আৰু পাইছিলো প্ৰথম সফলতা.... 🏅 অাৰু জানানে?
সদায় মোৰ নতুন অনুভৱ, নতুন মানুহৰ মাজত বৰ ভাল লগা.... তথাপিও যেন তোমাক বিচাৰি সিহঁতৰ মাজত হৈ পৰো অকলশৰীয়া তোমাক কবলগীয়া বহু কথা ৰৈ গ'ল বন্ধু!🍂 আমাৰ বন্ধুত্বৰ দাম বিচাৰি নাপালোঁ বন্ধু!! মোৰ কথাৰ সমভাগী হ' বলৈ তোমাক আমনি কৰাটো দূৰৰ কথা, তোমাৰ মাত শুনিবলৈ কেৱল ফোন বুকত ডায়েল নং তো🤳 ৰ' লাগি চাব হে পাৰোঁ l অাৰু বেছি নিলিখোঁ মোৰ কলমে উচুপি উঠিছে তোমাক লগ পোৱাৰ হেঁপাহত.. 😢 বিশ্বাস বাস্তৱিকতে নহয় জানানে..! তুমি যে নাই, আমাৰ কাষত আমাৰ মাজত!!! 👣 তোমাৰ সখী