মদাৰৰ ৰঙা ৰঙত
বাট হেৰুওৱা
মই যে এজন যাযাবৰী
বাৰিষাত ধূলিত উৰি ফুৰা
মই যে এটি ধূলিকণা
অথবা মই হ'লো
খৰালিৰ বিপ্লৱী বানপানী....।
নহয়ও, মই এইবোৰ একোৱেই নহয়
মোৰ অস্তিত্ব ও নাই
মোৰ সও্বাও নাই
যদি কিবা আছে, আছে
মাথোন এখন নীলা আকাশ
আৰু পৃথিৱী নামৰ
এখন সেউজীয়া পথাৰ
য'ত মই
পাতনিতেই কৈছোঁ
বাট হেৰুওৱা এজন যাযাবৰী....।