
মৰমী, চিকিমিকি সন্ধিয়া, জোনাকে দিয়া চিঠিখন পঢ়িলা নে তুমি? দুৰণিৰ তোমাৰ হাঁহিটিলৈ আজি বাৰুকৈ মনত পৰিল, নাজানো জানা, কিয় ৰৈ গলো আজি, ভালে আছা? ঘৰৰ সকলোৰে ভাল নে? ক্ষন্তেক সময় ধৰ্য্য ধৰা এই যুদ্ধ শেষ হব; অন্তিম বাৰলৈ লিখিছোঁ এই পত্ৰ, ধেইত! নহয় অ, ভয় নাখাবা। আকৌ লগ পাম তোমাক, অতি শীঘ্ৰে ঘৰলৈ যাম। মই ভাল পোৱা আঞ্জাকন বনাই থবা, এইবাৰ মন ভৰাই খাম। নাজানো জানা কিয় হৈ এই যুদ্ধ? ক্ষমতাৰ নাম শক্তি উপাৰ্জনেৰে কিয় দিয়া হয়? কিয় নাজানে অসহায় সামান্য জনতাৰ দুৰ্বলতা? সঁচাকৈ নাজানো, কিন্তু মন যাই সকলো সমালোচনাৰ অন্ত যেন শান্তিপূৰ্ণ ভাৱে শেষ কৰোঁ, সভ্যতা আঁৰত কিয় কিমানযে কু-মনোভাৱ সোমাই আছে? লিখিবলৈ জানা বহুত কথায়ে আছে, কিন্তু এই মুহূৰ্তত যদি থমকি ৰৈ যাও ঘৰ জানো যাব পাম? তোমাৰ খবৰ লম দিয়া ঘৰলৈ গৈ; শেষ হব আমাৰ এই অবিৰত অপেক্ষা। তোমাৰ সৈনিক