ঐ,কিমান ভালপোৱা মোক??
:বহুত!!
:সেই বহুত বুলি কলেই হব নে,হুহ তুমি একো নুবুজা..
:sorry ....
:I don't accept sorry..
:OK baba,জান জনী মোৰ তোমাক কিমান ভালপাওঁ বুজাবলৈ শব্দৰ অভাৱ।
:হব এতিয়া তেল মাৰিব নালাগে, জানো তুমি সেই ধুনীয়া ছোৱালীজনীক হে ভালপোৱা!!
:ঐ,যা তা কথা বকি নাথাক!এটা ঘোচা দিম বুজি পাবি ...
:ইস সি এনে ওলাইছে মোক মাৰিব পৰাতো...ঐ,কেতিয়াবা মোক খং কৰিবি চোন,কেতিয়াবা অভিমান কৰিবি,কেতিয়াবা তোৰ আপোন বুলি মোক সোঁৱৰাই যাবি।এই পাগলীজনীৰ ঠুনুকা হৃদয়খন কেৱল যে তোৰ হব লাগিব বুলি ধমকি দিবি..
:নোৱাৰো ও তোক খং কৰিব..
:ভগাই চাবি চোন সুখ দুখ হাঁহি কান্দোন খং অভিমান সকলো মোৰ লগত।বলকি যাবি চোন নিঃসংকোষে মনৰ কথাবোৰ,লুকাই থৈ নো কি পাবি..??
:হম
:উফ এই সোপা মই বকিলোঁ আৰু তোৰ উত্তৰ এইয়া।হব যা তয়ে থাক মই যাওঁ...
:নাযাবি না ,নিদিওঁ যাব।থাক ইয়াতেই সূৰ্যাস্তলৈ বাট চাওঁ...
এনেকৈয়ে চলি থাকে সিহঁতৰ অভিমানৰ যুদ্ধখন..যত হেৰুৱাৰ ভয় আছে,কিন্তু ভালপোৱাৰ ওপৰত থকা বিশ্বাসৰ শক্তি বেছি বুলিও বুজে দুয়ো।সি বুজে তাই সূৰ্যাস্ত ভালপাই..আৰু তাইও বুজে পাৰ হৈ যোৱা সময়ৰ সুখৰ স্মৃতিবোৰ হে সি বান্ধি ৰাখিব খোজে।সেয়ে প্ৰতিটো সূৰ্যাস্ত সি উপভোগ কৰে তাইৰ নতুন দিনটোলৈ থকা আশাবোৰ লৈ।আৰু তাই....তাই প্ৰতিটো সূৰ্যাস্ত পাহৰি পেলাই এটা দিনৰ অন্ত বুলি!!ত্যাগত স্বৰ্গসুখ..
:ঐ সূৰ্য ডুবিল ব্ৰহ্মপুত্ৰৰ বুকুত।তোৰ বুকুত এদিন মইও ডুবিম আশা বোৰ সামৰি।
:চুপ থাক, সূৰ্যাস্ত এটা প্ৰতিশ্ৰুতি আকৌ লগ পোৱাৰ নতুন আশাৰে....
:বাহঃ, মোৰ ডাইলগ চোৰ কৰি romeo হব নালাগে।মোৰ copycat....!!!!!!
❤️❤️❤️❤️❤️❤️
💓💓💓
❤️❤️❤️❤️