কবিতাৰ পৃষ্ঠা এবাৰ হলেও পঢ়িলা নে? কাহিনীৰ প্ৰতিটো কথাত তুমি যে আছিলা কাহিনী বুজিলা নে? প্ৰেমৰ বিনিময়ত প্ৰেম পোৱাটোয়ে ভাল পোৱা নে? কিমান যে অনুকল্পনা চিয়াঁহিৰে বৈছে, জানো হৈছে প্ৰেম? নে মাথো ৰৈ যাব কবিতাৰ পৃষ্ঠাত কাহিনীৰ খণ্ডত অভিলাশ আৰু স্নিগ্ধাৰ সদৃশ্য প্ৰেম? এয়া দিলোঁ চৰিত্ৰৰ নাম।

আমাৰ প্ৰেম........ স্নিগ্ধা: অনুভূতিবোৰক আকৌ এবাৰ আৱৰি ললোঁ, বৰ কষ্টকৰ হয়ও এই অনুভূতিবোৰ, নাই কাৰোবাক কব পাৰি নাই কাৰোবাক বুজাব পাৰি, মাথোঁ ৰৈ যায় হৃদয়ৰ গোপন কথা। শিতানৰ গাৰোটোয়ে হে জানে অশ্ৰু বোৰৰ ভাৰ কিমান....... কিয়? নুসুধিবা, কেনেকৈ? নুবুজিবা, মাথোঁ ৰৈ যাঁও তোমাৰ নামত। অভিলাশ: আবেগবোৰে যে খামুচে, সেয়া সামৰিবলে বৰ সহ্যহীন। তথাপিও আপোনাৰ বাঁও ফালৰ ওঁঠৰ তলৰ তিলটোত মোৰ সমস্ত উদাসীনতা সমাপ্ত হৈ পৰে। সেইবাবে, আজি আপোনাক মই কম মোৰ প্ৰেমৰ কথা, দিম আপোনাক মোৰ প্ৰেমৰ প্ৰস্তাৱ আৰু প্ৰশ্নহীন হৈ আঁকোৱালি লম আপোনাৰ নিৰ্ণয়। স্নিগ্ধা: আজি বিচাৰোঁ সময় যেন স্তব্ধ হৈ ৰওঁক, কয় হেনো প্ৰেমৰ আন এক নাম ত্যাগ..... সফল নামৰ প্ৰেমৰ সুখত কৈ মই অসফল প্ৰেমৰ অনুভূতিত জীয়াই ভাল পাওঁ, কাহিনীৰ কথাত আৰু কি লিখিম আজি? ইয়াতে সামৰো আমাৰ প্ৰেম....... কিন্তু প্ৰতিশ্ৰুতি দিছোঁ, আকৌ আহিম শৰতৰ শেৱালী হৈ, শীতৰ সেই ৰাতিপুৱা সেমেকা নিয়ৰৰ দলিচাত, আকৌ লগ পাম কৃষ্ণচূড়া ছাঁহে আৱৰা পদুলিত, আকৌ কথা পাতিম তোমাৰ মুখ ফুলোৱা লৰালিৰ খঙত অভিমানৰ নিচুকণিত, আকৌ চাম তোমাক মোৰ ভাল লগা কলা সাজত, এইবাৰ আকৌ নাছিম দুয়োয়ে চকুত চকু থৈ, আৰু দৰ্শকে কৈ ৰৱ " ৱাহ! কি _Chemistry_" অভিলাশ: আৰু তেতিয়া আপুনি মই নুকুৱাকৈ বুজিব মোৰ মনৰ পৰিস্থিতি....... কিমান যে হাঁহিম কিমান যে নাছিম দুয়োয়ে, আহিব সেই দিন হব মাথোঁ আমাৰ। স্নিগ্ধা: জানো মই, তুমি যে নিশা ভাল পোৱা, হব বিচাৰোঁ তোমাৰ জোন? অভিলাশ: অনুমতি দিছোঁ... স্নিগ্ধা: কিয়? অভিলাশ: যিহেতু, নিশাৰ জোনেতো নুবুজে মোৰ মনৰ বেথা। স্নিগ্ধা: কিন্তু, কেতিয়াবা সেই জোনও আঁউসীৰ জোন হৈ পৰে ও....... অভিলাশ: তেন্তে হেৰুৱাই দিম নিকি আপোনাক? স্নিগ্ধা: দুবৰিৰ চোতালত মনৰ শিতানত ৰাখিবা সযতনত। মই তোমাৰ শোণিতৰ অন্ধ্ৰে অন্ধ্ৰে থাকিম.... কেতিয়াবা নিজানত মোৰ মুখনি আঁকিবা তোমাৰ বুকুৰ কেনভাছত, কেতিয়াবা মোৰ মিছিকিয়া হাঁহি বিচাৰিবা দুপাল তিতা বৰষুণত, মই ভাল পোৱা পুৰণি বেবেৰি গানবোৰ গুণ গুনাই ফুৰিবা..... জীৱনৰ শেষৰলৈকে তোমাৰ হাত ধৰি নাথাকিলেও তোমাৰ মন-মগজটো মইয়েই থাকিম। অভিলাশ: সেয়াই হব মাথোঁ আমাৰ পৃথিৱী, সদৃশ্য পৃথিৱী, তাত তুমি তোমাক আৰু মই মোক অৰ্থাৎ থাকিব আমাৰ প্ৰেম। স্নিগ্ধা: এয়া, পোৱায়ে নাপাই আৰু নোপোৱায়ে পায়, অভিলাশ: এয়াই, মোৰ "আপুনি নামৰ প্ৰেম" স্নিগ্ধা: এয়াই, মোৰ "তোমাৰ আপুনি নামৰ প্ৰেম" স্নিগ্ধা আৰু অভিলাশ: " আমাৰ প্ৰেম" তেতিয়ালৈ ফাগুনৰ সৰাপাতত সামৰো আমাৰ প্ৰেম।
Especial thanks to Nomi siso and dimpi frn in editing.